বিড়ম্বনা! ওপৰলৈ উঠিব নোখোজে হেলিকপ্টাৰ

তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। শাসক, বিৰোধী সকলো নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। বাইক ৰেলী, কাৰ ৰেলী ওলাইছে, আকাশত উৰিছে হেলিকপ্টাৰ। পিছে হেলিকপ্টাৰে লগাইছে অথন্তৰ। হেলিকপ্টাৰ লৈ গৈ নেতা ঘূৰিব লগা হৈছে বাইক ৰেলীত।

প্ৰতিকূল বতৰ, যান্ত্ৰিক বিজুতি…
হেলিকপ্টাৰ এৰি গাড়ী, বাইকত যাত্ৰা নেতাৰ
গোগামুখত নুৰিলে ভূপেন বৰাৰ হেলিকপ্টাৰ
হেলিকপ্টাৰ এৰি গাড়ী লৈয়ে জোনাই পালেগৈ ভূপেন বৰা
হেলিকপ্টাৰ এৰি ভবেশ কলিতাই যাত্ৰা কৰিলে বাইকেৰে

প্ৰয়োজন হওক বা প্ৰচাৰৰ চমকেই হওক আকাশত উৰি আছে ইখনৰ পিছত আনখন হেলিকপ্টাৰ। পিছে এই হেলিকপ্টাৰে চৰম অস্বস্তিতো পেলাইছে নেতাক। এয়া লখিমপুৰৰ গোগামুখ।
উৰিব নোখোজে ভূপেন বৰাৰ হেলিকপ্টাৰ

ইফালে পৰৱৰ্তী সভালৈ দেৰি হৈছে। হেলিকপ্টাৰৰ কাষতে ৰৈ আক–তাক ফোন কৰিছে। পাইলটো নিৰুপায়। একেলগে প্ৰচাৰলৈ যাব লগা অখিল গগৈও আছে হেলিকপ্টাৰৰ কাষতে। পিছে নুৰিল। প্ৰতিকূল বতৰ। অৱশেষত হেলিকপ্টাৰ এৰি গাড়ী লৈয়ে জোনাই পালেগৈ ভূপেন বৰা।

ইয়াৰ পূৰ্বেও ডিফুত গৈ বিপদত পৰে ভূপেন বৰা। বুধবাৰে ডিফুৰ পৰা হেপিকপ্টাৰে শিলচৰলৈ যাব লগা বৰাই কিছু সময়ৰ বাবে স্থগিত ৰাখিব লগা যাত্ৰা। কেৱল APCCৰ সভাপতি ভূপেন বৰাই নহয়, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাও হেলিকপ্টাৰ লৈ অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হৈছে। চৰাইদেউৰ লাকুৱা নাহৰহাবি চাহ বাগিছাত ভৱেশ কলিতা নিৰ্বাচনী সভালৈ আহিছিল হেলিকপ্টাৰে। পিছে প্ৰতিকূল বতৰৰ বাবে সেই স্থাৰ পৰা নুৰিল হেলিকপ্টাৰ।
হেলিকপ্টাৰ এৰি ভবেশ কলিতাই বাইকেৰে যাব লগা হ’ল সোণাৰিৰ বৰুৱা নগৰলৈ
এয়াই নেতাৰ বিড়ম্বনা! দাতাই দিলেও বিধাতাই নিদিয়ে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...