হিন্দু কিশোৰীক অপহৰণ মুছলমান কিশোৰৰ

বৰপেটাৰ চেঙাত বিগত ৬ দিন ধৰি সন্ধানহীন হৈ আছে এগৰাকী ১৪ বছৰীয়া কিশোৰী। হিন্দু ধৰ্মাৱলম্বী কিশোৰীগৰাকীক বাঙালী সম্প্ৰদায়ৰ এটি মুছলমান কিশোৰে পৰিয়ালৰ লোকৰ সহযোগত অপহৰণ কৰি নিয়াৰ অভিযোগ। নিজকে ডেকা উপাধিৰ বুলি কৈ হেনো অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীক প্ৰেমৰ জালত পেলাইছিল কিশোৰজনে। ঘটনা সন্দৰ্ভত সৰ্থেবাৰী আৰক্ষী থানাত ৰুজু হৈছে এটা গোচৰ। কিন্তু অভিযুক্ত কিশোৰজনৰ পৰিয়ালৰ মোবাইল সমূহ বন্ধ হৈ থকাত কিশোৰীগৰাকীক উদ্ধাৰত এইপৰ্যন্ত সফল হোৱা নাই আৰক্ষী।

চেঙাত চাঞ্চল্য
বৰপেটাৰ চেঙাৰ ১৪ বছৰীয়া হিন্দু কিশোৰী
তাৰাবাৰীৰ বাঙালী সম্প্ৰদায়ৰ মুছলমান কিশোৰ
এই কিশোৰ কিশোৰী হালক লৈয়ে বিগত প্ৰায় এসপ্তাহ ধৰি চেঙাত তীব্ৰ চাঞ্চল্য। সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰকাপলাত ঘৰ কিশোৰীগৰাকীৰ। শ্ৰী শ্ৰী মনোহৰ দেৱ হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। বিগত ৬ দিন ধৰি সন্ধানহীন হৈ আছে কিশোৰীগৰাকী। পৰিয়ালৰ অভিযোগ- এজন মুছলমান কিশোৰে অপহৰণ কৰি নিছে কিশোৰীগৰাকীক। নিজকে ডেকা উপাধিৰ বুলি কৈছিল কিশোৰজনে। কিশোৰীগৰাকীক প্ৰেমৰ জালত পেলাই দিছিল প্ৰলোভন।

৩০ জানুৱাৰীৰ সন্ধিয়া সংঘটিত হৈছিল এই ঘটনা। অপহৰণত কিশোৰজনৰ পৰিয়ালেও সহযোগ কৰাৰ অভিযোগ। এই ঘটনাই বিগত প্ৰায় এসপ্তাহে সমগ্ৰ চেঙা অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। একাংশই এই ঘটনাক ৰূপ দিছে লাভ জেহাদৰ। বিষয়টোক লৈ গুৰুত্বপূৰ্ণ মন্তব্য শ্ৰী শ্ৰী মনোহৰ দেৱ হাইস্কুলৰ প্ৰধান শিক্ষকৰ। ৩০ জানুৱাৰীতে ছাত্ৰীগৰাকীক অভিভাৱকৰ হাতত চমজাই দিছিল বিদ্যালয় কতৃপক্ষই। ছাত্ৰীগৰাকীক বুজনি দিয়াৰো পৰামৰ্শ দিয়া হৈছিল অভিভাৱকক।

কিন্তু ৰহস্যজনক ভাবে ৩০ জানুৱাৰীৰ সন্ধিয়াৰ পৰাই সন্ধানহীন হৈ পৰে ছাত্ৰীগৰাকী। সেই সন্ধিয়াই তাৰাবাৰীৰ কিশোৰজনে পৰিয়ালৰ লোকৰ সহযোগত ১৪ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত সৰ্থেবাৰী থানাত ৰুজু হৈছে এটা গোচৰ। কিন্তু অভিযুক্ত পৰিয়ালটোৰ সদস্যসকলৰ মোবাইল বন্ধ হৈ থকাত কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...