২০২৬ৰ ভিতৰত অসমক দুর্ঘটনা শূন্য ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য চৰকাৰৰ

পথ সুৰক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক
২০২৬ চনৰ ভিতৰত অসমক দুর্ঘটনা শূন্য ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে: মুখ্যমন্ত্রী
দুর্ঘটনা ৰোধৰ দিশত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

ৰাজ্যত পথ সুৰক্ষা সন্দৰ্ভত গ্রহণ কৰা বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনৰ সম্মিলন কক্ষত এক পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে অংশগ্রহণ কৰাৰ উপৰি পৰিবহণ, আবকাৰী তথা লোক নির্মাণ (পথ) বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।

বৈঠকত ৰাজ্যখনত সংঘটিত হৈ থকা পথ দুর্ঘটনা সম্পর্কত বিতংভাৱে পর্যালোচনা কৰা হয়। মুখ্যমন্ত্রীয়ে জিলা আযুক্ত আৰু আৰক্ষী অধীক্ষকসকলক দুর্ঘটনা প্রবণ স্থানসমূহ চিনাক্তকৰণৰ বাবে বিফলেক্টৰ ব্যবস্থা সংযোজন কৰাৰ বাবে নির্দেশ দিয়াৰ উপৰি এনে স্থানসমূহ পৰিদৰ্শন কৰিবলৈও নির্দেশ দিয়ে। ধাবাসমূহত সুৰাপান কৰি ট্রাক চালক আৰু কৰ্মচাৰীসকলে যাতে গাড়ী চলাচল কৰিব নোৱাৰে সেই দিশত তীক্ষ্ণ নজৰ ৰাখিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। এই বৈঠকতে বনভোজ স্থলীলৈ অহা কোনো গাড়ীয়ে যাতে দুর্ঘটনাত পতিত হ’ব নোৱাৰে তাৰ বাবে এই গাড়ীসমূহৰ গতিবেগ নিয়ন্ত্ৰণৰ বিষয়টোও আলোচনা কৰা হয়। এই ক্ষেত্ৰত বনভোজ স্থলীলৈ অহা গাড়ীৰ চলাকসকলে যাতে মদ্যপান নকৰে সেই দিশত নিৰীক্ষণ ব্যৱস্থাটো অধিক শক্তিশালী কৰাৰ ওপৰতো মুখ্যমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে।

এই বৈঠকতে দুচকীয়া যান-বাহন চলোৱা ব্যক্তিয়ে যাতে হেলমেট পৰিধান নকৰাকৈ গাড়ী চলাব নোৱাৰে তেনে দিশত কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। যান-বাহন দুর্ঘটনাৰ ফলত যথেষ্ট সংখ্যক নিৰীহ লোকৰ মৃত্যু হোৱাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্রীয়ে প্রচলিত আইন সঠিকভারে বলবৎকৰণ আৰু নিৰীক্ষণ ব্যৱস্থাটো অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ২০২৬ চনৰ ভিতৰত অসমক দুর্ঘটনা শূন্য ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। এই লক্ষ্যত উপনীত হ’বলৈ হ’লে জিলা আয়ুক্ত, জিলা অধীক্ষক, পৰিবহণ বিষয়াকে ধৰি সংশ্লিষ্ট সকলো বিভাগে প্রয়াস চলাব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়। অহা বৰ্ষৰ ২৬ জানুৱাৰী পর্যন্ত যান-বাহন চলাচলৰ ওপৰত নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ দিশত প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ জিলা আযুক্ত আৰু আৰক্ষী অধীক্ষকসকলক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্রীয়ে জিলা আয়ুক্তসকলে পথ সুৰক্ষাৰ দিশত কি ব্যৱস্থা গ্রহণ কৰিছে সেই সম্পর্কত পর্যালোচনা কৰে। মুখ্যমন্ত্রীয়ে নিয়মিতভাবে পথ সুৰক্ষা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত কৰাৰ লগতে জনসচেতনতা সৃষ্টিৰ দিশতো প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়ে।

বৈঠকত আৰক্ষী সঞ্চালক প্রধান জি পি সিং, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব সমীৰ কুমাৰ সিনহা, অতিৰিক্ত মুখ্য সচিব ৰবি কোটা, আৰক্ষী আয়ুক্ত দিগন্ত বৰা, পৰিবহণ বিভাগৰ সচিব আদিল খান প্রমুখ্যে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকসকলৰ উপৰি সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...