ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰকাশ পালে উপগ্ৰহৰ প্ৰথমখন ছবি

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু কেন্দ্ৰত আক্ৰমণ চলাইছে আমেৰিকাই! এই আক্ৰমণত ইৰাণৰ পৰমাণু কেন্দ্ৰবোৰৰ কিমান ক্ষতি হ’ল? এই চলিত জল্পনা-কল্পনাসমূহৰ মাজতে পোহৰলৈ আহিছে ইৰাণৰ ফ’ৰড’ পৰমাণু কেন্দ্ৰৰ এখন উপগ্ৰহৰ চিত্ৰ। সেই ছবিৰ পৰা ধাৰণা কৰা হৈছে, এই পৰমাণু কেন্দ্ৰৰ একাধিক প্ৰৱেশপথ ক্ষতিগ্ৰস্ত হৈছে!

আক্ৰমণৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত লিখিছে, “ফ’ৰড’ শেষ!” ফ’ৰড’ হৈছে ইৰাণৰ অন্যতম গুৰুত্বপূৰ্ণ পৰমাণু কেন্দ্ৰ। ইৰাণৰ ৰাজধানী তেহৰানৰ পৰা ১০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত এখন পাহাৰৰ তলত অৱস্থিত এই গৱেষণা কেন্দ্ৰ। এইটোৱেই ইৰাণৰ আটাইতকৈ গভীৰ, সুৰক্ষিত আৰু গোপনীয় পৰমাণু কেন্দ্ৰ। পাহাৰৰ তলত মাটিৰ পৰা প্ৰায় ৩০০ ফুট গভীৰত এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে, যাতে বাহিৰৰ কোনো শত্ৰুৰ আক্ৰমণত এই কেন্দ্ৰৰ ক্ষতি নহয়। দাবী কৰা হয়, যুদ্ধ বিমানৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিলেও এই পৰমাণু কেন্দ্ৰৰ ক্ষতি নহয়। ইজৰাইলে বাৰে বাৰে বিচাৰিছিল, আমেৰিকাই আক্ৰমণ চলাই ইৰাণৰ এই পৰমাণু কেন্দ্ৰটো ধ্বংস কৰক। আমেৰিকাৰ সংবাদ মাধ্যম নিউয়ৰ্ক টাইমছৰ খবৰ অনুসৰি, দেওবাৰ পুৱতি নিশা এই কেন্দ্ৰত ৬টা বি২ বম্বাৰৰ পৰা এক ডজন বাংকাৰ বাষ্টাৰ বোমা নিক্ষেপ কৰা হৈছে। মুঠ ৩০ হাজাৰ পাউণ্ডৰ বাংকাৰ বাষ্টাৰ তাত পৰিছে।

কিন্তু আমেৰিকাৰ এই ‘বাষ্টাৰ’ আক্ৰমণত ফ’ৰড’ৰ কিমান ক্ষতি হৈছে, তাক লৈ নানা মহলত জল্পনা-কল্পনাৰ আৰম্ভ হৈছে। সেই পৰিস্থিতিত ‘প্লেনেট লেবছ পিবিচি’ই এখন উপগ্ৰহ চিত্ৰ প্ৰকাশ কৰিছে। সেই ছবি বিশ্লেষণ কৰি সংবাদ সংস্থা এপিয়ে দাবী কৰিছে, এই উপগ্ৰহ চিত্ৰ ফ’ৰড’ৰ। ছবিত দেখা গৈছে, এসময়ৰ বাদামী ৰঙৰ পাহাৰৰ কিছু অংশ ধূসৰ হৈ গৈছে। আক্ৰমণৰ আগৰ উপগ্ৰহ চিত্ৰৰ তুলনাত এইখন ছবি কিছু পৃথক দেখা গৈছে। এই ছবিয়ে ইংগিত দিছে, বিস্ফোৰণৰ ফলত ঘটনাস্থলীৰ চাৰিওফালে ধ্বংসাৱশেষ বিয়পি পৰিছে। বতাহত ধূসৰ ধোঁৱা বিয়পাৰ ইংগিতো পোৱা গৈছে। যদিও পৰমাণু কেন্দ্ৰৰ কিমান ক্ষয়ক্ষতি হৈছে, তাক এতিয়াও ইৰাণে জনোৱা নাই। তেওঁলোকে কেৱল জনাইছে, আমেৰিকাৰ আক্ৰমণৰ পিছত ফ’ৰড’, ইছফাহান আৰু নাটানজৰ পৰমাণু কেন্দ্ৰৰ ওচৰত দূষণৰ কোনো খবৰ নাই। সেই এলেকাত জনগণৰ চিন্তাৰ কোনো কাৰণ নাই বুলিও দাবী কৰিছে ইৰাণে।

বিগত ১৩ মে’ৰ পৰা ইজৰাইলে ইৰাণত আক্ৰমণ চলাই আহিছে। ইৰাণেও প্ৰত্যুত্তৰ দি আহিছে। পশ্চিম এছিয়াৰ সেই সংঘাতৰ দশম দিনত যুদ্ধত নামিছে আমেৰিকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...