এই চহৰলৈ আহিল ফাগুণৰ প্ৰথমজাক বৰষুণ

এই চহৰলৈ আহিল ফাগুণৰ প্ৰথমজাক বৰষুণ। ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাসকলে অপেক্ষা কৰি আছিল এজাক বৰষুণৰ বাবে। কিয়নো এজাক বৰষুণেহে শুকান বতৰ, ধূলি, বায়ু প্ৰদূষণ আদিৰ পৰা মহানগৰবাসীক সকাহ দিব পাৰে। একপ্ৰকাৰ মহানগৰবাসীৰ বাবে সপোন হৈ পৰিছিল বৰষুণজাক। প্ৰকৃতিয়েও যেন শুনিলে মহানগৰবাসীৰ কথা।

কেইবাটাও মাহৰ অপেক্ষাৰ অৱসান ঘটাই অৱশেষত আহিল ফাগুনৰ বৰষুণজাক। শুকুৰবাৰৰ সন্ধিয়াৰ পৰাই গোমা হৈ পৰিল গুৱাহাটীৰ আকাশ। লাহে লাহে বৈ আছিল ফাগুণৰ পছোৱা বতাহ। ইয়াৰ সমান্তৰালভাৱে মহানগৰীলৈ নামি আহিল এজাক কিনকিনীয়া বৰষুণ। ধূলিৰ উৰণি ঠেলি পাতলীয়া বৰষুণজাক নামি আহিল এই চহৰলৈ। বৰষুণৰ পৰশ পাই যেন এই চহৰ সজীৱ উঠিল পুনৰবাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...