অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ

অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ
অসহিষ্ণুতাই দেশ গ্ৰাস কৰাৰ সময়ত মন্দিৰৰ বিগ্ৰহ নিৰ্মাণ মুছলমান শিল্পীৰ
বংগৰ উত্তৰ ২৪ পৰগনাৰ ২ পিতৃ-পুত্ৰই নিৰ্মাণ কৰিছে ৰাম লালাৰ ২ বিগ্ৰহ
ৰামৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ পাই উৎফুল্লিত জামালউদ্দিন, পুত্ৰ বিট্টু
পূৰ্বেও বহু মন্দিৰৰ বিগ্ৰহ নিৰ্মাণ কৰিছে এই শিল্পীদ্বয়ে

পশ্চিমবংগত এই বিগ্ৰহ ৩০ৰ পৰা ৩৫জনীয়া শিল্পীৰ এটা দলে প্ৰায় ডেৰ মাহ ধৰি নিৰ্মাণ কৰি উলিয়াইছে। উত্তৰ প্ৰদেশৰ অযোধ্যালৈ এই মূৰ্তি এতিয়া পঠিওৱা হ’ব। সাম্প্ৰদায়িক অসহিষ্ণুতাই সমগ্ৰ দেশ গ্ৰাস কৰাৰ সময়ত ৰাম মন্দিৰৰ বিগ্ৰহ মুছলমান শিল্পীয়ে নিৰ্মাণ কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

এই অত্যাধুনিক ৰাম মন্দিৰৰ নক্সা প্ৰস্তুত হৈছিল ৩৪ বছৰ পূৰ্বে
অনন্য সুন্দৰ ৰাম মন্দিৰৰ নক্সা প্ৰস্তুত কৰিছিল প্ৰখ্যাত স্থপতি চন্দ্ৰকান্ত সোমপুৰাই
অহা ২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব এই অত্যাধুনিক ৰাম মন্দিৰ

আজিৰ পৰা প্ৰায় ৩৪ বছৰ পূৰ্বে ৰাম মন্দিৰৰ নক্সা প্ৰস্তুত হৈছিল। সেই সময়ৰ প্ৰখ্যাত স্থপতিবিদ চন্দ্ৰকান্ত সোমপুৰাই এই নক্সা প্ৰস্তুত কৰিছিল যদিও বিগত ৩ দশক ধৰি ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা নাছিল। বিশ্ব হিন্দু পৰিষদৰ সেই সময়ৰ অধ্যক্ষ অশোক সিংঘালে চন্দ্ৰকান্ত সোমপুৰাক অযোধ্যালৈ নি ৰাম মন্দিৰৰ নক্সা বনোৱাৰ দায়িত্ব দি গৈছিল। ’৯০ দশকৰ আৰম্ভণিতে এলাহাবাদৰ কুম্ভমেলালৈ অহা কেইবাজনো প্ৰখ্যাত সাধুৱে এই ৰাম মন্দিৰৰ নক্সাত ছীল মোহৰ মাৰে। ইয়াৰ ৩০ বছৰৰ পিছত সেই নক্সাৰ আলম লৈয়েই বৰ্তমান প্ৰস্তুত হৈছে বৰ্তমানৰ অত্যাধুনিক ৰাম মন্দিৰ।

এই ৰাম মন্দিৰৰ উচ্চতা হৈছে ১৬১ ফুট, অৰ্থাৎ ৪৯ মিটাৰ
বাবৰি মছজিদ ভংগ কৰি সেই স্থানত নিৰ্মাণ হৈছে অযোধ্যাৰ এই ৰাম মন্দিৰ
মন্দিৰ প্ৰাংগণৰ এলেকা হৈছে ২.৭ একৰ; অৰ্থাৎ ১,১৭,৬১২ বৰ্গফুট
৯০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এই বিশাল ৰাম মন্দিৰটো
শ্ৰীৰাম জনমভূমিত তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ হাতত এতিয়াও জমা আছে ৩,০০০ কোটি


ছুপ্ৰিম ক’ৰ্টৰ নিৰ্দেশনাৰ পিছত ৰাম মন্দিৰৰ নক্সাৰ কিছু সালসলনি কৰা হৈছে। পূৰ্বৰ পৰিকল্পনাৰ দ্বিগুণ আকাৰত নিৰ্মাণ কৰা হৈছে এই ৰাম মন্দিৰ। এতিয়ালৈকে প্ৰায় ১৩১টা মন্দিৰৰ নক্সা প্ৰস্তুত কৰিছে চন্দ্ৰকান্তই। চন্দ্ৰকান্ত সোমপুৰাই জনোৱা মতে অযোধ্যাৰ ৰাম মন্দিৰ উত্তৰ ভাৰতীয় মন্দিৰ শৈলীৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে।

এই মন্দিৰৰ বাবে গোলাপী বৰণৰ মাৰ্বল অনা হৈছে ৰাজস্থানৰ মিৰ্জাপুৰৰ পৰা
মন্দিৰত ব্যৱহাৰ হৈছে ১৭ হাজাৰ গ্ৰেনাইট পাথৰ
২ টন ওজনৰ এই গ্ৰেনাইট পাথৰ অনা হৈছিল কৰ্ণাটকৰ পৰা
মন্দিৰৰ গৰ্ভগৃহত থাকিব ৫১ ইঞ্চি ওখ ৰাম লালাৰ ৩টা মূৰ্তি
চন্দ্ৰকান্তৰ পিতৃও এগৰাকী প্ৰখ্যাত স্থপতিবিদ
পিতৃৰ নক্সাৰ আৰ্হিত নিৰ্মাণ হৈছে গুজৰাটৰ সোমনাথ মন্দিৰ


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় আধা কিলোমিটাৰ নিলগত থকা এটা অস্থায়ী মন্দিৰৰ পৰা ৰাম লালাৰ মূৰ্তি আনি ৰাম মন্দিৰৰ গৰ্ভগৃহত স্থাপন কৰিব। ২৭ জানুৱাৰীৰ দিনা ৰাম মন্দিৰ মুকলি হ’ব সাধাৰণ দৰ্শনাৰ্থীৰ বাবে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...