ৰাজ্যৰ অতিৰিক্ত ২৯ খন চহৰক সামৰি মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে জনতা ভৱনৰ নিজ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ ২৯ খন অতিৰিক্ত চহৰৰ বাবে মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। অনুষ্ঠানত আঁচনিখনৰ বিষয়ে সবিশেষ দাঙি ধৰি মন্ত্ৰী সিংহলে কয় যে, এই আঁচনিৰ যোগেদি ন্যূনতম ৪ লেচাৰ পৰা আঢ়ৈ কঠা বা ৬৭০ বৰ্গমিটাৰ পৰ্যন্ত মাটিৰ গৰাকীয়ে ঘৰ সজাৰ বাবে অনলাইনযোগে আৱেদন কৰিব পাৰিব আৰু যোগ্যসকলে তাৎক্ষণিকভাৱে গৃহ নিৰ্মাণৰ অনুমতি লাভ কৰিবলৈ সক্ষম হব। এই অনুমতি লাভৰ বাবে আৱেদনকাৰীয়ে পৌৰসভাৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, ঘৰৰ নক্সা আৰু সংশ্লিষ্ট নথি-পত্ৰ পৰ্টেলত আপলোড কৰিলেই কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সেয়া পৰীক্ষা কৰা হ’ব আৰু যোগ্য আৱেদনকাৰীয়ে ২৪ ঘণ্টাৰ ভিতৰতে প্ৰয়োজনীয় অনুমতি লাভ কৰিব। গুৱাহাটী মহানগৰ এলেকাত ২০২০ৰ অক্টোবৰৰ পৰাই এই সুবিধা উপলব্ধ হৈ থকাৰ কথা জানিবলৈ দি তেওঁ কয় যে এতিয়ালৈকে মহানগৰীৰ ৭৮৯৯ গৰাকী লোকে এই আঁচনিৰ যোগেদি গৃহ নিৰ্মাণৰ অনুমতি লাভ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী দুই-তিনিমাহৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন চহৰকে এই আঁচনিৰ অধীনত সামৰি লোৱা হব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে এই আঁচনিৰ যোগেদি আৰ্থিকভাৱে দুৰ্বল তথা কম মাটিৰ গৰাকীসকলেও ভূমি+২ মহলা পৰ্যন্ত ঘৰ সঁজাৰ অনুমতি লাভ কৰিব, যাৰ ফলত তেওঁলোকে বেংকৰ পৰা ঋণ পোৱাৰ জটিলতা দূৰ হোৱাৰ লগতে অনুমতিবিহীন বা অবৈধভাৱে ঘৰ সজাৰ প্ৰৱণতাও হ্ৰাস কৰিব। মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনিৰ অধীনত আজি সামৰি লোৱা ২৯ খন চহৰ হৈছে নলবাৰী, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, গোলাঘাট, বঙাইগাঁও, উত্তৰ লখিমপুৰ, নগাঁও, বিশ্বনাথ চাৰিআলি, ডিফু, তিনিচুকীয়া, শিলচৰ, কৰিমগঞ্জ, গোৱালপাৰা, দেৰগাঁও, কোকৰাঝাৰ, নাহৰকটীয়া, নামৰূপ, ৰঙিয়া, পলাশবাৰী, মঙ্গলদৈ, ধেমাজি, গৌৰীপুৰ, ধুবুৰী, বৰপেটা, নাজিৰা, শিমলুগুৰি, সোণাৰি আৰু শিৱসাগৰ। উল্লেখযোগ্য যে আৱেদনকাৰীসকলৰ সুবিধাৰ্থে আঁচনিখনৰ অধীনত ৰাজ্যৰ বিভিন্ন নগৰ অঞ্চলত এতিয়ালৈকে ১১৩ গৰাকী পঞ্জীয়নভুক্ত কাৰিকৰী ব্যক্তিক তালিকাভুক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনিৰ অধীনত আৱেদন কৰিবৰ বাবে আৱেদনকাৰীসকলে উৎসৰ্গীকৃত অনলাইন পৰ্টেল https://www.mmsgna.in/ যোগে আৱেদন কৰিব লাগে। আৱেদনৰ শেহতীয়া স্থিতিৰ সবিশেষ বিভিন্ন পৰ্যায়ত এছএমএছ বা ইমেইল সতৰ্কবাণীৰ জৰিয়তে আৱেদনকাৰী আৰু এম্পেনেলড ৰেজিষ্ট্ৰেড টেকনিকেল পাৰ্ছনেল (ইআৰটিপি)ৰ সুবিধাৰ বাবে অৱগত কৰা হয়। পৰৱৰ্তী সময়ত এপিআইৰ জৰিয়তে https://sewasetu.assam.gov.in/ ৰ সৈতে এই পৰ্টেল সংযোজিত কৰা হয় আৰু প্ৰয়োজনীয় মাচুল আৰু কৰ অনলাইনযোগে প্ৰদানৰ ব্যৱস্থা কৰা হয়। এই আঁচনিৰ অধীনত আৱেদন দাখিল কৰাৰ পূৰ্বে নাগৰিকসকলে সেৱা সেতু পৰ্টেলত পঞ্জীয়ন কৰিব লাগে আৰু তেওঁলোকে নূন্যতম প্ৰয়োজনীয় তথ্য প্ৰদান কৰি নিৰ্মাণ অনুমতিৰ বাবে অনুৰোধ জমা দিব পাৰে আৰু নিৰ্দিষ্ট তালিকাৰ পৰা নিজৰ পছন্দ অনুসৰি এজন এম্পেনেলড ৰেজিষ্টাৰড টেকনিকেল পাৰ্ছনেল বাছনি কৰিব লাগে। আবেদন লাভ কৰাৰ লগে লগে ই আৰ টি পি সকলে নিৰ্মাণৰ বাবে প্ৰস্তাৱিত স্থানটো পৰিদৰ্শন কৰে আৰু আবেদনকাৰীয়ে দাখিল কৰা ধৰণে প্ৰয়োজনীয় নথি-পত্ৰ তেওঁলোকৰ দ্বাৰা পৰীক্ষা কৰা হয় । অনলাইন এণ্ড্ৰইডভিত্তিক এপ্লিকেচন ব্যৱহাৰ কৰি এম্পেনেলড ৰেজিষ্ট্ৰেড টেকনিকেল পাৰ্ছনেলসকলে প্ৰস্তাৱিত স্থানৰ অৱস্থা পৰীক্ষা কৰে, ফটো তোলে আৰু জিপিএছ স্থানাংক লাভ কৰে, যাৰ জৰিয়তে প্ৰস্তাৱিত স্থানৰ জ’নিং, প্লট এলেকা আৰু জলভাগ আদিৰ দৰে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা যায়। ছাইট ভেৰিফিকেচনৰ পিছত ই আৰ টি পি সকলে গাইডলাইন অনুসৰি নাগৰিকৰ বাবে ড্ৰয়িং প্ৰস্তুত কৰি অনলাইন পৰ্টেলত আপলোড কৰে আৰু প্ৰস্তাৱটো তৎক্ষণাত অনলাইন ব্যৱস্থাত অনুমোদন জনোৱা হ’য়। ইয়াৰ পাছত অনলাইনযোগে প্ৰয়োজনীয় মাছুল বা কৰ প্ৰদানৰ ব্যৱস্থা কৰা হয় আৰু মাছুল পৰিশোধৰ পাছতেই স্বয়ংক্ৰিয়ভাৱে পৰিকল্পনা অনুমতি বা বিল্ডিং পাৰ্মিট সৃষ্টি হয়, যাক আবেদনকাৰীয়ে সেৱা-সেতু পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...