৮ বছৰ আগৰ এটা ঘটনাই কৌতুহলৰ সৃষ্টি কৰি আহিছে ভাৰতীয় ক্ৰিকেটত!

৮ বছৰ আগৰ এটা ঘটনাই কৌতুহলৰ সৃষ্টি কৰি আহিছে ভাৰতীয় ক্ৰিকেট মহলত। ২০১৩ চনৰ পৰা IPLত যুজৱেন্দ্র চাহালে ধাৰাবাহিক বাবে স্থান পাবলৈ সক্ষম হৈছে। বেঙ্গালুৰত অনুষ্ঠিত এখন মেচত জয় লাভ কৰি পাৰ্টি কৰি আছিল মুম্বাই ইণ্ডিয়ানছৰ ক্রিকেটাৰ সকলে। যুজৱেন্দ্র চাহালক পাৰ্টিৰ পৰা ১৫ তলাৰ বেলকনিত মাতি নিছিল মুম্বাই ইণ্ডিয়ানছৰ এজন শীৰ্ষ সদস্যই। বেলকনিৰ পৰা যুজৱেন্দ্র চাহালক তললৈ পেলোৱাৰ চেষ্টা কৰিছিল এজন শীৰ্ষ সদস্যই। ঘাতকৰূপী ক্রিকেটাৰ জনৰ চেষ্টা বিফল হৈছিল কাৰণ সেই স্থানত কিছু মানুহৰ সমাগম হৈছিল।

ঘটনাটোৰ পিছত যুজবেন্দ্র চাহাল সম্পূৰ্ণ ৰূপে অসুস্থ হৈছিল। আই পি এল কেৰিয়াৰত মাত্ৰ এবাৰ মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল লেগস্পিনাৰ চাহালে। বেছিভাগ সময় ৰয়েল চ্যালেঞ্জার্স বাঙ্গালোৰৰ হৈ খেলি আহিছে চাহালে। ৰাজস্থানৰ পৰা কেৰিয়াৰ আৰম্ভ কৰি পুনৰ ৰাজস্থানৰ হৈ খেলি আছে ক্ৰিকেটাৰজনে। এক বিজ্ঞপ্তিৰ জৰিয়তে জীৱনৰ সমস্ত অভিজ্ঞতাৰ বিষয়ে কৈ চাহালে এনে কিছুমান অভিজ্ঞতাৰ কথা ব্যক্ত কৰে, যাৰ ৰহস্য আজিলৈকে ৰহস্যহৈয়ে আছে। চাহালৰ এনে গম্ভীৰ্যপূৰ্ণ কথাত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে ক্ৰিকেট মহলত।

কোন সেই ঘাতকৰূপী ক্ৰিকেটাৰ জন? তাক লৈ এতিয়াও খলকনিৰ সৃষ্টি হয় ক্ৰিকেট মহলৰ লগতে অনুৰাগীসকলৰ মাজত। অৱশ্য়ে ঘাতকৰ নাম উল্লেখ কৰা নাই ক্ৰিকেটাৰ জনে। অকল ৰবি শাস্ত্রীৰ দৰে প্ৰাক্তন বুলি উল্লেখ কৰিছে। কিন্তু ৰবি শাস্ত্ৰীৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে জনায় যে, তেওঁ যিয়েই নহওঁক, বিচিচিআইয়ে তেওঁক চিৰদিনৰ বাবে নিষিদ্ধ কৰা উচিত। যাতে ক্ৰিকেটাৰজন আই পি এলৰ ওচৰলৈ পুনৰ আহিব নোৱাৰে। শাস্ত্ৰীয়ে কয়, “ঘটনাটোত জড়িত ক্ৰিকেটাৰজনৰ কোনো পৰিচয় নাছিল। এইটো আটাইতকৈ চিন্তাশীল কথা। প্ৰথমবাৰৰ বাবে মই এনেকুৱা ভয়ংকৰ কথা শুনিছো। ক্ৰিকেটাৰজনক আজীৱন বহিস্কাৰ কৰা উচিত যাতে তেওঁ কোনো ধৰণে আই পি এলৰ কাষ চাপিব নোৱাৰে।

ক্ৰিকেট মহলত এটাই প্ৰশ্ন, যদি ভাৰতীয় দলত খেলি থকা চাহালৰ দৰে ক্ৰিকেটাৰে তেওঁৰ জীৱনত সংঘটিত তিক্ত ঘটনাবোৰৰ বিষয়ে দীৰ্ঘ দিনৰ পিছত ব্যক্ত কৰিছে, তেন্তে আই পি এলত আৰু কিমানজন ক্ৰিকেটাৰ থাকিব পাৰে যি কেতিয়াও মুকলিকৈ ক’বলৈ সাহস কৰা নাই? ক্ৰিকেটত সংঘটিত শাৰীৰিক আক্ৰমণৰ ঘটনা, ইয়াত কোনো সন্দেহ নাই যে, যিসকলে এইবোৰ ঘটনা কৰে তেওঁলোকৰ বেছিভাগেই বিদেশী ক্ৰিকেটাৰ। এই বছৰৰ আৰম্ভণিতে চাহালে কৈছিল যে, তেওঁ ২০১১ চনতো শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হৈছিল। এণ্ড্ৰিউ চাইমণ্ডছ, জেমছ ফ্ৰেংকলিনৰ ক্ৰিকেটাৰসকল এই ঘটনাত জড়িত আছিল। ২০১৩ চনত চাহালৰ ঘটনাৰ সৈতে জড়িত ক্ৰিকেটাৰজনো বিদেশী নেকি? কোনো উত্তৰ নাই! ক্ৰিকেট বোৰ্ডে ঘটনাৰ তদন্ত কৰা উচিত ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...