সদিচ্ছাৰ উদ্যোগত চানমাৰিত অসম ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ উদ্বোধন উদ্যোগ মন্ত্ৰী বিমল বৰাৰ

ৰাজ্যৰ সমাজসেৱা খণ্ডৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন “সদিচ্ছা”ৰ উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আজিৰ পৰা আৰম্ভ হৈছে অসম ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ, ২০২৩। দেওবাৰৰ দিনা বিয়লি ৪.৩০ বজাত ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বৰা আৰু হস্ততাত- বস্ত্ৰশিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বন্তি প্ৰজ্বলন কৰি এই মেলাখন উদ্বোধন কৰে। যশস্বী অভিনেত্ৰী মলয়া গোস্বামী, মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামী, অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত, ড.অক্ষতা নাৰায়ণ, প্ৰণয় বৰদলৈ আদিয়ে এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে। সদিচ্ছাৰ সভানেত্ৰী মনালিছা বৰুৱাই বিগত সময়ত দুৰ্গত মহিলাৰ লগতে যুৱক-যুৱতীসকলক সহায় কৰিবলৈ সংগঠনটোৱে লোৱা উদ্যোগৰ বিষয়ে উল্লেখ কৰে। ভাষণ প্ৰসংগত উদ্যোগ মন্ত্ৰী বিমল বৰাই মহিলা সবলীকৰণৰ ক্ষেত্ৰত ‘সদিচ্ছা’ই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।

মেলাখনৰ লগত সংগতি ৰাখি বাণিজ্য মেলাথলীত সদিচ্ছাই বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰিছে। অহা ৯ আৰু ১০ নবেম্বৰত আয়োজিত লোকৰত্নগৰ্ভা ড° ডলী দাস সোঁৱৰণি প্ৰাইজমানি দিহানাম প্ৰতিযোগিতা পুৰুষ-মহিলা উভয়ৰ বাবে মুকলি থাকিব। দিহানামৰ বাবে যোগদানৰ অন্তিম তাৰিখ ৭ নবেম্বৰ ধাৰ্য কৰা হৈছে। লগতে ১৬ বছৰৰ উৰ্দ্ধৰ যুৱতী আৰু মহিলাৰ বাবে জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

উল্লেখ্য যে, এইবাৰৰ ইন্টাৰনেচনেল ট্ৰেড ফেয়াৰত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে থাইলেণ্ড, বাংলাদেশ, আফগানিস্তান আৰু শ্ৰীলংকাৰ বিভিন্ন সামগ্ৰী উপলব্ধি হ’ব মেলাখনত। আনহাতে, দেশৰ ভিন্ন প্ৰান্তৰ উদ্যোগীৰ অংশগ্ৰহণৰে সমৃদ্ধ এই মেলা অহা ১৯ নবেম্বৰলৈ অনুষ্ঠিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...