সূৰ্য অভিমুখে যাবলৈ সাজু হৈ উঠিছে ADITYA L1 মহাকাশযান

জোনবাইৰ সাফল্যৰ পিছত এইবাৰ বেলি অভিমুখে হাত মেলিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। ইতিমধ্যে সূৰ্যৰ সন্দৰ্ভত বিভিন্ন গৱেষণা চলাবৰ বাবে ISROয়ে সাজু কৰি তুলিছে ADITYA L1 মহাকাশযান। ২ ছেপ্তেম্বৰৰ দুপৰীয়া ১১. ৫০ বজাত সূৰ্য অভিমুখে ৰাওনা হ’ব ADITYA L1 মহাকাশযান। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই মহাকাশ যানখনৰ উৎক্ষেপণৰ সময় নিশ্চিত কৰি সংবাদ মাধ্যমক ইতিমধ্যে জানিবলৈ দিছে। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা PSLV-C57 ৰকেটে মহাকাশলৈ পঠিয়াব ADITYA L1। ADITYA L1য়ে সূৰ্য অভিমুখে গতি কৰিব ১২৭টা দিন ধৰি। সূৰ্যৰ বিভিন্ন দিশ, চৰিত্ৰ, বতৰ সন্দৰ্ভত নিৰীক্ষণ কৰিব এই মহাকাশযানে। পৃথিৱীৰ পৰা ১৫ লাখ কিঃমিঃ দূৰত LAGRANGE পইণ্টত অৱস্থান কৰিব এই মহাকাশযানে। পৃথিৱী আৰু সূৰ্যৰ মধ্যাকৰ্ষণ শক্তিৰ মাজত এই স্থানত আকৰ্ষণ প্ৰায় শূন্য। এই স্থানত অৱস্থান কৰি ADITYA L1এ অব্যাহত ৰাখিব বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা। সূৰ্যৰ সৌৰ কৰোনা, সৌৰ ৰশ্মিৰ বিকিৰণ, সৌৰ ধুমুহা আদিৰ সন্দৰ্ভতো এই মহাকাশযানে পৰীক্ষা–নিৰীক্ষা চলাব। সূৰ্য অভিমুখে এইটোৱে প্ৰথম ভাৰতৰ মহাকাশ অভিযান। এই অভিযানৰ পৰা সংগৃহীত তথ্যই সূৰ্য সন্দৰ্ভত গৱেষণা চলোৱাৰ সহায়ক হ’ব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...