সূৰ্য অভিমুখে যাবলৈ সাজু হৈ উঠিছে ADITYA L1 মহাকাশযান

জোনবাইৰ সাফল্যৰ পিছত এইবাৰ বেলি অভিমুখে হাত মেলিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। ইতিমধ্যে সূৰ্যৰ সন্দৰ্ভত বিভিন্ন গৱেষণা চলাবৰ বাবে ISROয়ে সাজু কৰি তুলিছে ADITYA L1 মহাকাশযান। ২ ছেপ্তেম্বৰৰ দুপৰীয়া ১১. ৫০ বজাত সূৰ্য অভিমুখে ৰাওনা হ’ব ADITYA L1 মহাকাশযান। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই মহাকাশ যানখনৰ উৎক্ষেপণৰ সময় নিশ্চিত কৰি সংবাদ মাধ্যমক ইতিমধ্যে জানিবলৈ দিছে। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা PSLV-C57 ৰকেটে মহাকাশলৈ পঠিয়াব ADITYA L1। ADITYA L1য়ে সূৰ্য অভিমুখে গতি কৰিব ১২৭টা দিন ধৰি। সূৰ্যৰ বিভিন্ন দিশ, চৰিত্ৰ, বতৰ সন্দৰ্ভত নিৰীক্ষণ কৰিব এই মহাকাশযানে। পৃথিৱীৰ পৰা ১৫ লাখ কিঃমিঃ দূৰত LAGRANGE পইণ্টত অৱস্থান কৰিব এই মহাকাশযানে। পৃথিৱী আৰু সূৰ্যৰ মধ্যাকৰ্ষণ শক্তিৰ মাজত এই স্থানত আকৰ্ষণ প্ৰায় শূন্য। এই স্থানত অৱস্থান কৰি ADITYA L1এ অব্যাহত ৰাখিব বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা। সূৰ্যৰ সৌৰ কৰোনা, সৌৰ ৰশ্মিৰ বিকিৰণ, সৌৰ ধুমুহা আদিৰ সন্দৰ্ভতো এই মহাকাশযানে পৰীক্ষা–নিৰীক্ষা চলাব। সূৰ্য অভিমুখে এইটোৱে প্ৰথম ভাৰতৰ মহাকাশ অভিযান। এই অভিযানৰ পৰা সংগৃহীত তথ্যই সূৰ্য সন্দৰ্ভত গৱেষণা চলোৱাৰ সহায়ক হ’ব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...