অসম চুক্তিৰ আধাৰত স্থাপন হোৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থা আঁতৰ কৰা; বিতর্কিত উপাচার্য ড০ শম্ভুনাথ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ, বিশ্ববিদ্যালয়ত চলি থকা দুর্নীতি-অনিয়মৰ তদন্ত কৰা, বৰ্তমান ভাৰপ্ৰাপ্ত উপাচার্য (Acting V.C.) হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বিশ্ববিদ্যালয়লৰ আটাইতকৈ জ্যেষ্ঠ অধ্যাপকগৰাকীক সম্পূর্ণ কর্তৃত্ব সহকাৰে বিশ্ববিদ্যালয়ৰ পৰিচালনাৰ সুবিধা প্রদান, বিশ্ববিদ্যালয়ত প্রয়োজনীয় আইন সংশোধন কৰি এখন স্বতন্ত্ৰ আৰু গণতান্ত্রিক নির্বাচিত ছাত্ৰ একতা সভা গঠন কৰা দাবীকে ধৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ গৰিমা অটুত ৰখাৰ বিষয়ক লৈ আজি সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্রতিনিধি দলে লোক ভৱনত অসমৰ ৰাজ্যপাল শ্রীলক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰে। অনুৰূপ বিষয়ক লৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মালৈও ছাত্ৰ সন্থাই এখন জৰুৰী দাবীপত্ৰ প্ৰেৰণ কৰে।
ছাত্ৰ সন্থাৰ সভাপতি শ্রীউৎপল শৰ্মা, সাধাৰণ সম্পাদক শ্রীসমীৰণ ফুকন, মুখ্য ৮ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত যোৱা প্ৰতিনিধিৰ দলটোৱে অসমৰ ৰাজ্যপাল গৰাকীক সাক্ষাৎ কৰি এখন স্মাৰক প্ৰদান কৰি এক সৌহার্দ্যপূৰ্ণ পৰিৱেশত আলোচনাত মিলিত হৈ কয়-
ঐতিহাসিক অসম চুক্তিৰ আধাৰত স্থাপন হোৱা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসমৰ লগতে ভাৰতবৰ্ষৰ শৈক্ষিক জগতৰ জগতত এক সুকীয়া স্থান পাবলৈ সক্ষম হৈছিল। তেজপুৰ বিশ্ববিদ্যালয় অসমৰ গৌৰৱ, স্বাভিমান। তেজপুৰ বিশ্ববিদ্যালয় স্থাপন কালৰপৰা পৰিকল্পনাকাৰীসকলৰ দূৰদৰ্শী চিন্তা-চৰ্চা, সুনেতৃত্বৰ বাবে বিশ্ববিদ্যালয়খনে এক সুকীয়া গৰিমাৰে বৌদ্ধিক নেতৃত্ব প্রদান কৰি আহিছিল। কিন্তু শেহতীয়াকৈ তেজপুৰ বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা অচলাৱস্থাত ছাত্ৰ সন্থা চিন্তিত, উদ্বিগ্ন। বিশ্ববিদ্যালয় পৰিচালনাত স্বেচ্ছাচাৰী, একছত্রী, অগণতান্ত্রিক, অশৈক্ষিক আৰু অসমৰ জাতীয় জীৱনৰ আৱেগ অনুভূতিৰ প্ৰতি চূড়ান্ত অপমানসূচক দৃষ্টিভংগীৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হ’বলৈ পালে। বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা এই অচলাৱস্থাৰ অৱসানেৰে বিশ্ববিদ্যালয়খনত এক গণতান্ত্রিক সুস্থ শৈক্ষিক বাতাবৰণ সৃষ্টি হোৱাটো অতি প্রয়োজন হৈ পৰিছে।
তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ, কৰ্মচাৰীসমাজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ উপাচার্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে কেতবোৰ যুক্তিপূর্ণ, তথ্যভিত্তিক ৰাজহুৱা অভিযোগ উত্থাপন কৰি আহিছে। উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে অনিয়ম আৰু দূৰ্নীতিৰ উল্লেখ কৰি আহিছে। উপাচাৰ্যগৰাকীৰ স্বেচ্ছাচাৰী, একনায়কত্ববাদী, অশৈক্ষিক দৃষ্টিভংগী, আৰু অসমৰ জাতীয় জীৱনৰ আৱেগ অনুভূতিৰ প্ৰতি চূড়ান্ত অশ্রদ্ধাশীল মনোভাৱৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। উপাচাৰ্যগৰাকীৰ অন্যায় আৰু অপশাসনৰ বাবে বিশ্ববিদ্যালয়ৰ পৰিয়ালে আন্দোলনৰ ৰূপ ল’বলৈ বাধ্য হৈছে। উপাচাৰ্যগৰাকীৰ চূড়ান্ত ব্যর্থতাৰ বাবেই বিশ্ববিদ্যালয়খনত এক অচলাৱস্থাৰ সৃষ্টি হৈছে। যোৱা ৯০ দিনে উপাচাৰ্যগৰাকী বিশ্ববিদ্যালয়ত নাই। উপাচার্যহীন বিশ্ববিদ্যালয়।
ঘটনাৱলীৰ তদন্ত কৰিবলৈ তিনিটা দলে বিশ্ববিদ্যালয় চৌহদত ভ্রমণ কৰিলে। প্রথমে শোণিতপুৰ জিলা প্রশাসনে এটা দণ্ডাধীশ স্তৰত তদন্তৰ ঘোষণা কৰিলে; দ্বিতীয়তে অসমৰ ৰাজ্যপালে তথ্য জানিবলৈ (FACT FINDING TEAM) এটা প্রতিনিধি দল গঠন কৰিলে, তৃতীয়তে ভাৰত চৰকাৰৰ শিক্ষা বিভাগে এটা দল প্ৰেৰণ কৰিলে। তিনিওটা প্রতিনিধি দলৰ প্ৰতিবেদন এতিয়ালৈ ৰাজহুৱা হোৱা নাই।
তেজপুৰ বিশ্ববিদ্যালয়ৰ গৰিমা অটুত ৰাখিব লাগিব। তাৰ বাবে ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে ৰাজ্যখনৰ অভিভাৱক হিচাপে ৰাজ্যপাল গৰাকীৰ হস্তক্ষেপ বিচাৰি কয়-
১) তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থা আঁতৰ কৰি বিশ্ববিদ্যালয়ত এক গণতান্ত্রিক সুস্থ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হওক।
২) বিতর্কিত উপাচার্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হওক।
৩) বর্তমান ভাৰপ্ৰাপ্ত উপাচার্য (Acting V.C.) হিচাপে কার্যনির্বাহ কৰি থকা বিশ্ববিদ্যালয়লৰ আটাইতকৈ জ্যেষ্ঠ অধ্যাপক গৰাকীক সম্পূর্ণ কর্তৃত্ব সহকাৰে বিশ্ববিদ্যালয় পৰিচালনাৰ সুবিধা দিয়া হওক।
৪) বিশ্ববিদ্যালয়ৰ আইনৰ প্ৰয়োজনীয় সংশোধন কৰি এখন স্বতন্ত্ৰ আৰু গণতান্ত্রিকভাৱে নির্বাচিত ছাত্র একতা সভা গঠন কৰা হওক।
৫) অসম আন্দোলন আৰু অসম চুক্তিৰ ফল হ’ল তেজপুৰ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দেশৰ আৰু পৃথিৱীৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে প্রতিযোগীতাৰ জগতখনত ফেৰ মাৰি সফলতাৰে আগবাঢ়ি যাব পাৰিব লাগিব। একে সময়তে বিশ্ববিদ্যালয়ত অসমৰ খিলঞ্জীয়া ভাষা, সংস্কৃতি, সভ্যতা, পৰম্পৰাৰ মৰ্যাদা অটুত থাকিব লাগিব। জাতীয় জীৱনৰ আৱেগ-অনুভূতিক সকলো সময়তে সন্মান সহকাৰে আগুৱাই নিব লাগিব।
ৰাজ্যপাল গৰাকীয়ে ছাত্ৰ সন্থাৰ প্রতিনিধি দলটোৰ সৈতে বিষয়সমূহৰ সন্দৰ্ভত গুৰুত্বসহকাৰে আলোচনা কৰে আৰু যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি সদৰি কৰে।
ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোত সন্থাৰ উপসভাপতি শ্রীনিতুল বৰা, শিক্ষা সম্পাদক শ্রীটুটুমণি কলিতা,
সাংগঠনিক সম্পাদক শ্রীনয়নজ্যোতি গগৈয়ে অংশগ্রহণ কৰিছিল।
