পশ্চিম আফ্ৰিকাৰ দেশ বুৰকিনা ফাছোত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণ

পশ্চিম আফ্ৰিকাৰ দেশ বুৰকিনা ফাছোত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত নিহত ৩৫০ জনৰো অধিক লোক। যোৱা শনিবাৰৰ পৰা বুৰকিনা ফাছোৰ নুসৰৎ অল ইছলাম ৱাল মুছলিমিন অঞ্চলত চলি আহিছে সন্ত্ৰাসবাদীৰ এই আক্ৰমণ। এই ঘটনাত ডেৰ শতাধিক লোক আহত হয়। ঘটনাত অল কায়দাৰ সহযোগী সংগঠন ‘জামা’ জড়িত থকা বুলি বুৰকিনা ফাছোৰ চৰকাৰে দাবী কৰিছে। সন্ত্ৰাসবাদী গোটটোৱে সেনা বাহিনীৰ লগতে সাধাৰণ নাগৰিককো আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি দাবী কৰে দেশখনৰ চৰকাৰে। ইতিমধ্যে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে ‘জামা’ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে। উল্লেখ্য যে কায়া চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উত্তৰৰ বাৰছালোঘো অঞ্চলত সংঘটিত হয় এই ঘটনা। অঞ্চলটোত দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদীৰে সংঘৰ্ষ চলি আহিছে স্থানীয় লোকসকলৰ। শনিবাৰে সুৰক্ষাৰ বাবে একাংশ লোকে সুৰংগ খান্দি থকাৰ সময়তে ঘটনাস্থলীত উপস্থিত হৈ সন্ত্ৰাসবাদীৰ দলটোৱে উপৰ্যুপৰি গুলীবৰ্ষণ কৰে। ঘটনাস্থলীত স্থানীয় লোকসকলৰ লগতে আছিল দেশখনৰ কেইবাশ সেনা জোৱানো। উগ্ৰপন্থীৰ আক্ৰমণত সেনা জোৱানসহ ৩৫০জনৰো অধিক সাধাৰণ নাগৰিক নিহত হয়। নিহতসকলৰ ভিতৰত আছে বহু সংখ্যক মহিলা আৰু শিশুও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...