মণ্ডল-দালালৰ বিৰুদ্ধে ধোঁৱাচাঙত আৰক্ষীৰ অভিযান

গৰৈমাৰীত গুণ্ডাৰাজ
মণ্ডল-দালালৰ বিৰুদ্ধে ধোঁৱাচাঙত আৰক্ষীৰ অভিযান
আকৌ আৰম্ভ হৈছে লাট-মণ্ডলৰ দালালি

ঘটনা গৰৈমাৰী ৰাজহ ৰাজহ চক্ৰ বিষয়াৰ অধীনস্থ এলেকাৰ। চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে টুকুৰিয়াই ভাগৰি পৰিছে এটা দৰিদ্ৰ পৰিয়াল। কাৰণ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বজাৰ পাতিছে সুভাষ মণ্ডলে। এইজনেই সুভাষ মণ্ডল।
ভুক্তভোগী পৰিয়ালটো গৰৈমাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত টপাৰপথাৰ গাঁৱৰ হাছমত আলীৰ। গাঁৱৰ এক ভূমিখণ্ডক লৈ প্ৰতিবেশী এটা পৰিয়ালৰে দীৰ্ঘদিনীয়া সংঘাত হাছমত আলীৰ পৰিয়ালৰ। বিবাদ নিস্পত্তিৰ বাবে চক্ৰ বিষয়া, জিলা আয়ুক্তৰ লগতে আদালতৰো দ্বাৰস্থ হয় হাছমত আলী। শুনানিৰ পিছত হাছমত আলীৰ সপক্ষেই ৰায় দিয়ে আদালতে।
তাৰ পিছত ভূমিখণ্ড হাছমত আলীক চমজাই দিয়াৰ দায়িত্ব লাট মণ্ডলৰ। দালালৰ জৰিয়তে পৰিয়ালটোৰ পৰা ৬৫ হাজাৰ টকাও লয় লাট মণ্ডল সুভাষে। কিন্তু তাৰ পিছতো পৰিয়ালটোক ভূমিখণ্ড চমজাই নিদিয়াৰ অভিযোগ। উপায়ন্তৰ হৈ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালটোৱে।

এফালে যদি লাট মণ্ডলৰ উপদ্ৰৱ আনফালে আকৌ মাতব্বৰৰ গুণ্ডাগিৰি। কামৰূপৰ ছমৰীয়া সমষ্টিৰ বালাগাঁও চৰাঞ্চলত দেৱানী মাতব্বৰৰ অঘোষিত অৰাজকতা। মাতব্বৰৰ সন্মুখত আইন, প্ৰশাসন-আৰক্ষী সকলো ব্যৰ্থ। ধনবল আৰু বাহুবল প্ৰদৰ্শনেৰে অহেদ আলী দেৱানী নামৰ এই লোকজনে বালাগাঁৱৰ চৰ অঞ্চলত দখল কৰিছে এখন চৰকাৰী বজাৰ। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আৱন্টন দিছিল এই বজাৰগৃহ। বজাৰগৃহটো কেৱল দখল কৰাই নহয়, ব্যৱসায়ী বহুৱাই মাহিলী ভাড়াও আদায় কৰাৰো অভিযোগ মাতব্বৰ অহেদ আলীৰ বিৰুদ্ধে।

মুঠৰ ওপৰত কামৰূপৰ গৰৈমাৰীত এতিয়া ভয়ংকৰ গুণ্ডাৰাজ। চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি চৰৰ মাতব্বৰলৈ কাৰো ওপৰতে নিয়ন্ত্ৰণ নাই গৃহ বিভাগৰ আৰক্ষীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...