লেবাননত অব্যাহত ইজৰাইলী বাহিনীৰ বিধ্বংসী আক্ৰমণ

হেজবোল্লা মুৰব্বীৰ হত্যাৰ পিছতো ক্ষান্ত হোৱা নাই ইজৰাইলী বাহিনী। ৰাজধানী বেইৰুটসহ লেবাননৰ কেবাখনো চহৰত বোমাবৰ্ষণ। বিধ্বস্ত বহু আৱাসিক অট্টালিকা, দেশ এৰিছে হেজাৰ হেজাৰ লোকে। যোৱা এসপ্তাহৰো অধিক দিন ধৰি লেবাননত আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলী বাহিনীয়ে। ৰাজধানী বেইৰটসহ লেবাননৰ কেবাখনো চহত আক্ৰমণ চলাই আহিছে ইজৰাইলে। হেজবোল্লাৰ মুৰব্বী হাছান নাছৰাল্লাৰ হত্যা আৰু বেইৰুটস্থিত সদৰ কাৰ্যালয় ধ্বংস হোৱাৰ পিছতো ক্ষান্ত হোৱা নাই ইজৰাইলী বাহিনী। ইজৰাইলী বায়ু সেনাৰ বোমাবৰ্ষণত ইতিমধ্যে ধ্বংসস্তুপত পৰিণত হৈছে লেবাননৰ বহু আৱাসিক অট্টালিকা। প্ৰাণৰ শংকাত দেশ এৰিছে হেজাৰ হেজাৰ লোকে। শেহতীয়াকৈ দেওবাৰে ইজৰাইলে চলোৱা বিধ্বংসী আক্ৰমণত লেবাননত শতাধিক লোক নিহত হোৱাৰ লগতে আহত হয় চাৰি শতাধিক লোক। ইপিনে, দেওবাৰে দক্ষিণ বেইৰুটত এক ধ্বংসস্তুপৰ পৰা উদ্ধাৰ কৰা হয় হেজবোল্লা মুৰব্বী হাছান নাছৰাল্লাৰ মৃতদেহ। মূলতঃ হেজবোল্লাৰ ঘাটিলৈ লক্ষ্য কৰি ইজৰাইলী বাহিনীয়ে চলোৱা এই আক্ৰমণ যে সহজে বন্ধ নহয় সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে। লেবানন চৰকাৰে দাবী কৰা মতে, হেজবোল্লাৰ বিৰুদ্ধে ইজৰাইে চলোৱা বিমান আক্ৰমণত এহেজাৰৰো অধিক লোক নিহত হৈছে। আহত হৈছে আন ছহেজাৰৰো অধিক লোক। যোৱা সোমবাৰেই দক্ষিণ লেবাননত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হয় প্ৰায় ৫০০ জন লোক। ইপিনে, লেবাননৰ লগতে য়েমেনতো আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলী বাহিনীয়ে। য়েমেনত হাউথী বিদ্ৰোহীৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ। য়েমেনৰ ৰাছ ইছা, হোদেইদা বন্দৰত বিমান আক্ৰমণ।
ইজৰাইলী আক্ৰমণত নিহত কেবাজনো লোক, বিধ্বস্ত বন্দৰ। ইজৰাইলৰ বিমানকোঠত হাউথীৰ আক্ৰমণৰ পিছতে এই প্ৰত্যাক্ৰমণ। এয়া আন এক বিশ্ব যুদ্ধৰ আৰম্ভণি নেকি?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...