সীমা চুক্তি হ’লেও সীমান্তত কমা নাই উত্তেজনা

সীমা চুক্তি হ’লেও সীমান্তত কমা নাই উত্তেজনা
পুনৰ উত্তপ্ত অসম-অৰুণাচল সীমান্ত
লখিমপুৰ সীমান্তৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসন

দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ কেইঘণ্টামানৰ পিছতে উত্তেজন বৃদ্ধি পাইছিল সীমান্তত। সেই ধাৰাৱাহিকতা আজিও অব্যাহত। শান্তিৰ পৰিৱৰ্তে যেন চুক্তিৰ পিছত বৃদ্ধিহে পালে সংঘাত। কাৰণ শেহতিয়াকৈ আগ্ৰাসী অৰুণাচলী দুৰ্বৃত্তই লৈছে হিংস্ৰৰূপ। অসমৰ ভূমিত আগ্ৰাসনত যেন হাত উজান দিছে অৰুণাচলৰ প্ৰশাসনে। কাৰণ কাকৈ বনাঞ্চলত স্থাপন কৰা অসমৰ বন শিবিৰ উথাই দিয়াৰ নিৰ্দেশ অৰুণাচল প্ৰশাসনৰ। চাৰ পৰিৱৰ্তে সেই স্থানত অসমৰ ভূমি দখল কৰি আৰুণাচলীয়ে সাজিছে ঘৰ।

অৰুণাচলনৰ তীব্ৰ আগ্ৰাসনৰ বিপৰীতে মৌন অসমৰ প্ৰশাসন

অসমৰ প্ৰশাসনৰ নীৰৱ ভূমিকাত ক্ষুণ্ণ সীমান্তবাসী অসমীয়া

কিন্তু প্ৰশ্ন হয় চুবুৰীয়া ৰাজ্যৰে সীমা বিবাদৰ বেলিকা কিয় উদাসিন অসমৰ চৰকাৰ তথা প্ৰশাসন। এফালে কাৰ্বি আংলঙত মেঘালয়ে ঠেলিছে সীমা আনফালে লক্ষীমপুৰকে ধৰি আন আন সীমাত অব্যাহত অৰুণাচলৰ আগ্ৰাসন। তাৰ মাজত এতিয়া চৰম অনিশ্চয়া, আশংকাত দিন কটাইছে সীমান্তবাসী অসমীয়াই। তেওঁলোক এতিয়া নিৰুপায় ক’লৈ যাব, কাক ক’ব! কাৰণ চুক্তি কৰি চমক দিয়া চৰকাৰৰ আহৰি নাই তেঁওলোকৰ মৰ্মবেদনা উপলব্ধি কৰাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...