প্ৰেমৰ জাল পেলাই আজিজুল হুছেইনে পলুৱাই নিছিল অষ্টম শ্ৰেণীৰ ছাত্ৰীক

প্ৰথমতে মোবাইলত মিচ কল আৰু ইয়াৰ পিছত প্ৰেম। প্ৰেমৰ জাল পেলাই তামুলপুৰৰ আজিজুল হুছেইন নামৰ এজন যুৱকে পলুৱাই নিছিল এগৰাকী ১৪ বছৰীয়া কিশোৰীক। যুৱকজনৰ ঘৰ তামুলপুৰ জিলাৰ দ্বাৰকুছিত। যোৱা ৫ মাৰ্চত সৰস্বতী পূজা বুলি ঘৰৰ পৰা ওলাই আহিছিল বিদ্যালয়লৈ বুলি। আৰু বিদ্যালয়লৈ ওলাই অহা কিশোৰী গৰাকী ঘূৰি নগল ঘৰলৈ। বহুত বিচাৰিও সন্ধান নোলাল অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ। ছাত্ৰীগৰাকীক বিচাৰি নাপাই ৬ মাৰ্চত পৰিয়ালে সুৱাগপূৰ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষীয়ে তদন্ত কৰি ১০ মাৰ্চত তামুলপুৰৰ আৰক্ষীৰ এটি দলে বেংগালুৰুৰ পৰা উদ্ধাৰ কৰে অপহৃত কিশোৰীগৰাকীক। লগতে আটক কৰে অপহৰণকাৰী আজিজুল হুছেইনক। ধৃত আজিজুলক বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...