শপতগ্ৰহণ অনুষ্ঠান বাতিল: পশ্চিমীয়া শক্তিৰ হেঁচাত সেও মানিলে তালিবানে

২০০১ চনৰ আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত তালিবানে কৰা ভয়াৱহ আক্ৰমণৰ কুৰিটা বছৰ সম্পূৰ্ণ হোৱা দিনটোতে নতুন চৰকাৰৰ শপতগ্ৰহণৰ আশা কৰিছিল তালিবানে। কিন্তু অতি চতুৰতাৰে লোৱা তালিবানৰ এই সিদ্ধান্তত চেঁচা পানী পৰিল। পশ্চিমীয়া শক্তিৰ হেঁচাত সেও মানিবলৈ বাধ্য হয় তালিবান। পিছুৱালে ৯/১১ৰ শপতগ্ৰহণ অনুষ্ঠান। আমেৰিকা যুক্তৰাষ্ট্ৰক বিব্রত কৰাৰ বাবে নতুন আফগান কেবিনেটৰ উদ্বোধনী অনুষ্ঠান ১১ ছেপ্টেম্বৰত ধাৰ্য কৰা হৈছিল।

তালিবানে ৰাছিয়া, চীন, কাটাৰ, তুৰস্ক, পাকিস্তান আৰু ইৰাণৰ ৰাষ্ট্ৰপ্ৰধানক শপতগ্ৰহণ অনুষ্ঠানটোত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিল বুলি জানিব পৰা গৈছে। তালিবানে মঙলবাৰে আফগানিস্তানত ক্ষমতা দখল কৰাৰ কেইসপ্তাহমান পিছত মোল্লা মহম্মদ হাছান আখুন্দৰ নেতৃত্বত এক কঠোৰ অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰে।

দেশখন প্ৰবল আৰ্থিক সংকটত ভুগি থকাৰ বাবে ধন ৰাহি কৰাৰ বাবেও এই সিদ্ধান্ত লোৱা হ’ব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে আন্তৰ্জাতিক মহলে। প্ৰতিবেদনত অৱশ্যে কোৱা হৈছে যে তালিবানসকলক ইয়াৰ মিত্ৰশক্তিয়ে শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰাৰ বিৰুদ্ধে হেঁচা প্ৰয়োগ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...