‘জন্মদাতা’ পাকিস্তানক আক্ৰমণ তালিবানৰ

‘জন্মদাতা’ পাকিস্তানক আক্ৰমণ তালিবানৰ। নিজৰে দুস্কৰ্মৰ ফল ভুগিছে পাকিস্তানে! এইবাৰ সন্মুখ সমৰত পাকিস্তান-আফগানিস্তান। দুয়ো দেশত সীমান্ত অঞ্চলত উত্তপ্ত পৰিস্থিতি।

গুলিয়াগুলী, আকাশমাৰ্গেৰে গোলাবৰ্ষণ। পাকিস্তান সীমাৰ ভিতৰত প্ৰৱেশ কৰি তালিবানে চলাইছে তাণ্ডব। তালিবানৰ আক্ৰমনত পিছ হুহকিছে পাকসেনা সীমান্তৰ দুটা পাকসেনা শিবিৰ দখল তালিবানৰ। পাকিস্তানৰ সীমাৰ ভিতৰত সোমাই ১৯ পাকসেনাক হত্যা

তালিবানৰ এনে আক্ৰমণত বিব্ৰত হৈ পৰিছে ইছলামাবাদ। সততে ভাৰতক ভাবুকি দি থকা পাকিস্তানে নিজকে তালিবানৰ কাষতে চম্ভালিব পৰা নাই। বিগত সপ্তাহত আফগানিস্তানত আকাশমাৰ্গেৰে আক্ৰমণ চলাইছিল পাকিস্তানে।

পাকিস্তানৰ আক্ৰমণৰ প্ৰতিশোধ ল’লে তালিবানে। আফগান প্ৰতিৰক্ষা দপ্তৰৰ দাবী পাকিস্তানে আকাশমাৰ্গেৰে চলোৱা আক্ৰমণৰ পিছতে তালিবানে আত্মৰক্ষাৰ বাবে প্ৰত্যাক্ৰমণ চলাইছে। তালিবানে এই সুযোগতে পূৰ্বৰে পৰা নাকচ কৰি অহা সীমাৰেখা ডুৰাণ্ড লাইন অতিক্ৰম কৰি পাকিস্তানৰ ভূমি দখল কৰাৰ পৰিকল্পনা কৰিছে। তালিবানৰ আক্ৰমণত ১৯ পাকসেনা নিহত হোৱাৰ লগতে ৩ আফগান নাগৰিকো নিহত হৈছে।

দুই দেশৰ সংঘাতৰ মূল কাৰণ হৈছে ডুৰাণ্ডলাইন। ব্ৰিটিছে নিৰ্ধাৰণ কৰা সীমাৰেখা ডুৰাণ্ডলাইন নামানে আফগানিস্তানে। ১৮৯৩ চনত ব্ৰিটিছ আৰু আফগান শাসকৰ মাজত চুক্তিৰে নিৰ্ধাৰণ হৈছিল ডুৰাণ্ডলাইন।

এই ডুৰাণ্ডলাইন আজিৰ আফগানিস্তানে মানি নোলোৱাৰ বাবে সৃষ্টি হৈছে সংঘাতৰ। কিন্তু শেহতীয়া পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে। পাকিস্তানৰ বিৰুদ্ধে চলা তালিবানৰ আক্ৰমণক লৈ আন্তঃৰাষ্ট্ৰীয় মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

পাকিস্তানে গাখীৰ খুৱাই পুলিছিল সাপ! নিজৰে দুস্কৰ্মৰ ফল পাকিস্তানে লাভ কৰিছে বুলিও চৰ্চা। বিগত শতিকাত তালিবানৰ জন্মত সহায় কৰিছিল পাকিস্তানে।বন্দুকচালনাৰ পৰা বোমা নিৰ্মাণৰ প্ৰশিক্ষণ দিছিল পাকিস্তানে

সেই পাকিস্তান আজি তালিবানৰ ভয়ত কম্পমান। খাইবাৰ পাখতুনখোৱাৰকে নিজৰ দখললৈ অনাৰ বাবে তীব্ৰ আক্ৰমণ চলাইছে তালিবানে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...