৫ দিন ধৰি সন্ধানহীন দন্দেশ্বৰ বৰগোহাঁই ওৰফে সোপোকা, যুৱকজনক বিচাৰি পৰিয়ালৰ হাহাকাৰ

যোৱা ৫ দিন ধৰি সন্ধানহীন হৈ আছে শদিয়াৰ এগৰাকী যুৱক। শদিয়া আৰক্ষী থানাৰ অন্তৰ্গত দুপনী বিহিয়া গাঁৱৰ নিবাসী দন্দেশ্বৰ বৰগোহাঁই ওৰফে সোপোকা দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে। অৰুণাচল প্ৰদেশৰ চৌখামত ডাম্পাৰৰ কৰ্মচাৰী ৰূপে কৰ্মৰত আছিল সন্ধানহীন যুৱকজন৷ যোৱা দেওবাৰে শদিয়াৰ নিজা বাসগৃহৰ পৰা কৰ্মস্থলীলৈ বুলি ওলাই যোৱা পথৰ পৰাই সন্ধানহীন যুৱকজন৷ দেওবাৰৰ পৰা যুৱকজনৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে৷ যুৱকজনে ব্যৱহাৰ কৰা মোবাইল দুটাও বন্ধ হৈ আছে৷ উপায়ন্তৰ হৈ পৰিয়ালৰ লোকসকলে শদিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ পৰিয়াল তথা একাংশ লোকে আলফা(স্বাধীন)ত যোগদান কৰাৰ সন্দেহ কৰিছে৷ যদি সচাকৈয়ে আলফা(স্বাধীন)ত যোগদান কৰিছে তেন্তে সংগঠনটোৰ নেতৃবৃন্দক তথ্যটো পৰিয়ালক জনাবলৈ কাতৰ অনুৰোধ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...