৫ দিন ধৰি সন্ধানহীন দন্দেশ্বৰ বৰগোহাঁই ওৰফে সোপোকা, যুৱকজনক বিচাৰি পৰিয়ালৰ হাহাকাৰ

যোৱা ৫ দিন ধৰি সন্ধানহীন হৈ আছে শদিয়াৰ এগৰাকী যুৱক। শদিয়া আৰক্ষী থানাৰ অন্তৰ্গত দুপনী বিহিয়া গাঁৱৰ নিবাসী দন্দেশ্বৰ বৰগোহাঁই ওৰফে সোপোকা দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে। অৰুণাচল প্ৰদেশৰ চৌখামত ডাম্পাৰৰ কৰ্মচাৰী ৰূপে কৰ্মৰত আছিল সন্ধানহীন যুৱকজন৷ যোৱা দেওবাৰে শদিয়াৰ নিজা বাসগৃহৰ পৰা কৰ্মস্থলীলৈ বুলি ওলাই যোৱা পথৰ পৰাই সন্ধানহীন যুৱকজন৷ দেওবাৰৰ পৰা যুৱকজনৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে৷ যুৱকজনে ব্যৱহাৰ কৰা মোবাইল দুটাও বন্ধ হৈ আছে৷ উপায়ন্তৰ হৈ পৰিয়ালৰ লোকসকলে শদিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ পৰিয়াল তথা একাংশ লোকে আলফা(স্বাধীন)ত যোগদান কৰাৰ সন্দেহ কৰিছে৷ যদি সচাকৈয়ে আলফা(স্বাধীন)ত যোগদান কৰিছে তেন্তে সংগঠনটোৰ নেতৃবৃন্দক তথ্যটো পৰিয়ালক জনাবলৈ কাতৰ অনুৰোধ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...