পুনৰ বিবাহপাশত আৱদ্ধ হ’ল ছানী লিয়নী। নীল সাগৰৰ পাৰত কইনাসাজত ছানী। বগা গাউনত সাইলাখ পৰীৰ ৰূপত ছানী। অনুৰাগীৰ সৈতে বিয়াৰ ফটো শ্বেয়াৰ কৰিলে ছানী লিয়নীয়ে।

১৩ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰী ছানী লিয়নী। ডেনিয়েল ৱেবাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ চৰ্চিত হৈছিল ছানী। ডেনিয়েল-ছানীৰ আছে তিনিটাকৈ সন্তান। ছ’চিয়েল মিডিয়াত সুখী বৈবাহিক জীৱনৰ বিভিন্ন মুহূৰ্ত শ্বেয়াৰ কৰি থাকে ছানী লিয়নী আৰু ডেনিয়েল ৱেবাৰে। কিন্তু এই সুখৰ সংসাৰৰ পাছতো পুনৰবাৰ বিবাহপাশত আৱদ্ধ হ’ল ছানী। ৩১ অক্টোবৰত মালদ্বীপত অনুষ্ঠিত হ’ল ছানী লিয়নীৰ বিয়া। এক অন্তৰংগ অনুষ্ঠানত নতুন জীৱনৰ পাতনি মেলিলে ছানীয়ে।

পিছে ছানীৰ দৰানো কোন? এই প্ৰশ্ন নিশ্চয়. বহুতৰে মনত। কিন্তু ছানীৰ দৰা আন কোনো নহয়, পুনৰবাৰ ডেনিয়েল ৱেবাৰৰ সৈতেই বিবাহপাশত আৱদ্ধ হ’ল ছানী।

ইফালে বিয়াৰ সাক্ষী হ’ল ছানী-ডেনিয়েলৰ ৩ সন্তান নিশা, নোৱা আৰু আশ্বাৰ।

ছ’চিয়েল মিডিয়াত নিজৰ বিয়াৰ ফটো শ্বেয়াৰ কৰি ছানীয়ে লিখিলে, ”প্ৰথমবাৰ ঈশ্বৰ, পৰিয়াল আৰু বন্ধুবৰ্গক সাক্ষী কৰি আমি বিবাহপাশত আৱদ্ধ হৈছিলোঁ। এইবাৰ আমাৰ পাঁচ সদস্যৰ উপস্থিতিত আমি বিয়া পাতিছোঁ৷ তুমি এতিয়াও মোৰ জীৱনৰ প্ৰেম আৰু চিৰকাল মোৰ হৈয়ে থাকিবা।”

ছানী লিয়নীৰ এই পষ্টত হাজাৰ-হাজাৰ অনুৰাগীয়ে জনালে অভিনন্দন। নিজৰ বৈবাহিক জীৱনত যথেষ্ট সুখী ছানী লিয়নী আৰু ডেনিয়েল ৱেবাৰ। কিন্তু পুনৰ বিবাহপাশত আৱদ্ধ হৈ দুয়ো স্মৃতি যুগমীয়া কৰিব বিচাৰিছে নে তাৰ আঁৰত আছে কিবা অন্য কাৰণ সেই লৈয়ো চৰ্চা একাংশৰ মাজত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...