লুকাই থকা চুমি-তাৰ্কিকৰ অৱশেষত আত্মসমৰ্পণ

অন্তহীন চৰ্চা। কাৰোবাৰ মতে চুমি-তাৰ্কিকে আত্মগোপন কৰিছিল মেঘালয়ৰ গোপন স্থানত। কোনোবাই কৈছিল নেপাললৈ গৈ তাৰ পৰা ডুবাই নাইবা বেংককলৈ পলায়নৰ পৰিকল্পনা কৰিছে চুমি-তাৰ্কিকে। কিন্তু সেই কথাবোৰ মিছা প্ৰমাণিত কৰি অৱশেষত ডিব্ৰুগড়ত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে চুমি বৰা আৰু তাৰ্কিক বৰাই। নিশাই ভিডিঅ’ বাৰ্তাযোগে আত্মসমৰ্পণৰ কথা কৈছিল চুমিয়ে। আৰু বৃহস্পতিবাৰে পুৱা এনেকৈ চুমি-তাৰ্কিক আৰক্ষীৰ শৰণাপন্ন। কিয় আত্মসমৰ্পণ কৰিলে চুমি-তাৰ্কিকে? ঘটনাটো ঘটাৰ পাছতে সংবাদ মাধ্যমত ধাৰাবাহিকভাবে সম্প্ৰচাৰ হৈছিল বাতৰি। সেই বাতৰি দেখি চুমি তাৰ্কিকে ভাবিছিল দুদিন চলিব তাৰ পাছত বন্ধ হৈ যাব, কিন্তু সেয়া নহ’ল। ইটোৰ পাছত সিটো আপডেট। ইজনৰ পাছত সিজনৰ নামেৰে নিতৌ ন ন খবৰ আহিল পোহৰলৈ। তাৰ পাছতে মোবাইল অফ কৰি আত্মগোপন কৰিছিল চুমি আৰু তাৰ্কিক বৰাই। শেহতীয়াকৈ তাৰ্কিকৰ সৈতে ফটোগ্ৰাফী কৰা একাধিক যুৱকক সোধা-পোছাৰ বাবে মাতিছিল চি আই ডিয়ে। সোধা-পোছা কৰা হৈছিল চুমিৰ পিতৃকো। চুমি-তাৰ্কিকৰ ঘৰৰ সন্মুখত ৰৈ থাকে। তেনে কথাবোৰক লৈ হতাশ হৈ পৰিছিল চুমি আৰু তাৰ্কিক। সেয়ে আত্মসমৰ্পণ সিদ্ধান্ত।

অধিবক্তাৰ লগত যোগাযোগ কৰিছিল চুমি আৰু তাৰ্কিকে। কথা হৈছিল আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ লগতো। চুমিৰ দাবী সত্যৰ পক্ষত থাকি আৰক্ষীক গোটেই তদন্ত প্ৰক্ৰিয়াত সহায় কৰিব চুমিয়ে। সেয়ে ওলাই আহিছে আৰক্ষীৰ কাষলৈ। আদালতত হাজিৰ কৰোৱা হ’ল চুমি আৰু তাৰ্কিক। দুয়োকে ৫ দিনৰ জিম্মাত ললে আৰক্ষীয়ে। ডিব্ৰুগড় থানাত ৰুজু হোৱা গোচৰ 352/2024। ভাৰতীয় ন্যায় সংহিতাৰ 316(2)/318(4)ত ৰুজু হৈছে গোচৰ। Banning of Unregulated Deposit Schemes Act-2019ৰ অধীনতো গোচৰ।

জিম্মাত লৈ চুমি-তাৰ্কিকক সোধা-পোছা কৰিব আৰক্ষীয়ে। হয়তো ওলাব ন ন তথ্য। কাৰণ চুমিয়ে কেইবাজনো প্ৰভাৱশালী, তাৰকা পৰ্যায়ৰ লোকক বিশালৰ সৈতে চিনাকি কৰা দিয়াৰ অভিযোগ উত্থাপন হৈছিল। এতিয়া সকলো অভিযোগ নস্যাৎ কৰিছে চুমিয়ে। তদন্ত সঠিক দিশত আগবাঢ়িলে ওলাই পৰিব, চুমি আচলতে সঁচা নে মিছা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...