আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত ভৰি দিয়া প্ৰথমজন ভাৰতীয় সুভাংশু শুক্লা

২৮ ঘণ্টাৰ দীঘলীয়া যাত্ৰাৰ পিছত সুভাংশু শুক্লাৰ সৈতে চাৰিজন মহাকাশচাৰীক লৈ ড্ৰেগন মহাকাশযান আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত (আই এছ এছ) উপনীত হৈছে। ভাৰতীয় সময় অনুসৰি বুধবাৰে দুপৰীয়া ১২ বাজি ১ মিনিটত আমেৰিকাৰ ফ্ল’ৰিডাৰ কেনেডি স্পেছ চেণ্টাৰৰ পৰা ফেলকন ৯ ৰকেটত উঠি সুভাংশু আৰু তেওঁৰ সংগীসকলে মহাকাশলৈ যাত্ৰা কৰিছিল। তাৰ পিছত ২৮ ঘণ্টা কটোৱাৰ পিছত বৃহস্পতিবাৰে বিয়লি ৪ বজাত তেওঁলোক আই এছ এছত উপনীত হয়।

বৃহস্পতিবাৰে দুপৰীয়াৰ পৰা সুভাংশুৰ ড্ৰেগন মহাকাশযানৰ আই এছ এছৰ সৈতে ‘ডকিং’ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। দুপৰীয়া ৩ বজাৰ পৰা আই এছ এছৰ পৰা স্পেছএক্সৰ এই মহাকাশযান স্পষ্টভাৱে দেখা গৈছিল বুলি মহাকাশ কেন্দ্ৰই জনাইছিল। সমগ্ৰ যাত্ৰাকালত ড্ৰেগনত কোনো বিজুতি নহ’ল। থ্ৰাষ্টাৰবোৰেও নিৰ্ভুলভাৱে কাম কৰিছিল। নাছাৰ নিৰ্ধাৰিত সময় অনুসৰি বৃহস্পতিবাৰে বিয়লি ৪ বজাত (ভাৰতীয় সময় অনুসৰি) আই এছ এছৰ হাৰ্মনি প’ৰ্টত ড্ৰেগনৰ ডকিং প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। এই সংযোগ দুটা পৰ্যায়ত সম্পন্ন হৈছিল। প্ৰথমে চুম্বকীয় ‘চফ্ট কেপচাৰ’ আৰু দ্বিতীয়তে যান্ত্ৰিক ‘হাৰ্ড কেপচাৰ’ৰ জৰিয়তে এই জটিল ডকিং প্ৰক্ৰিয়া শেষ হৈছিল। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত ভৰি দিয়া প্ৰথমজন ভাৰতীয় সুভাংশু শুক্লা।

ড্ৰেগনৰ পাইলট আছিল ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন সুভাংশু। তেওঁ নিজেই এই মহাকাশযান চলাইছিল। তেওঁৰ সৈতে আছিল নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়ম স্পেছৰ মানৱ মহাকাশযানৰ ডাইৰেক্টৰ পেগি হুইটচন। সমগ্ৰ ডকিং প্ৰক্ৰিয়াৰ ওপৰত তেওঁলোকে নজৰ ৰাখিছিল। সেই মুহূৰ্তৰ প্ৰত্যক্ষ সম্প্ৰচাৰো এক্সিয়ম স্পেছে কৰিছিল। পৃথিৱীৰ পৰাই গোটেই প্ৰক্ৰিয়াটো চাব পৰা গৈছিল।

সুভাংশুৰ এই অভিযানৰ নাম ‘এক্সিয়ম-৪’। এই অভিযানৰ নেতৃত্বত আছে হুইটচন। ইয়াৰ উপৰি আছে পোলেণ্ডৰ স্লায়’ছ উজনানস্কি-উইচনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপু। ১৪ দিনীয়া এই অভিযানৰ সময়ছোৱাত এই চাৰিজন মহাকাশচাৰী আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত থাকিব। তাত তেওঁলোকে প্ৰায় ৬০টা পৰীক্ষা-নিৰীক্ষা চলাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...