মহাকাশ অভিযানৰ মাজত অসুস্থ হ’লে চিকিৎসা কোনে কৰে?

২০২৫ চনৰ জুনলৈকে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ ২০খন দেশৰ ২৮০জন মহাকাশচাৰী গৈছে। তেওঁলোকে তাত থাকি গৱেষণা কৰিছে আৰু ঘূৰি আহিছে। বহুতৰ মনত প্ৰশ্ন, মহাকাশলৈ গৈ মহাকাশচাৰী অসুস্থ হৈ পৰিলে কি কৰা হয়? মহাকাশচাৰীৰ অসুস্থ হোৱাৰ সম্ভাৱনা সদায় থাকে। সেইকাৰণে আই এছ এছত প্ৰয়োজনীয় ব্যৱস্থাও ৰখা হৈছে।

আই এছ এছত হাস্পতাল নাই। শল্যচিকিৎসকো তাত নাথাকে। কিন্তু দাঁতৰ বিষৰ পৰা চালৰ খজুৱতি বা প্ৰাণঘাতী ৰোগৰো চিকিৎসা তাত কৰা হয়। আৰু এই কাম এজন মহাকাশচাৰীয়েই কৰে। এজন মহাকাশচাৰীক বিশেষ প্ৰশিক্ষণো দিয়া হয়, যাতে তেওঁ জৰুৰীকালীন পৰিস্থিতিত প্ৰয়োজনীয় চিকিৎসা কৰিব পাৰে। তেওঁক কোৱা হয় ‘ক্ৰিউ মেডিকেল অফিচাৰ’ (চি এম ও)। তেওঁ অস্ত্ৰোপচাৰ কৰিব নোৱাৰিলেও প্ৰাথমিক চিকিৎসাত পাৰদৰ্শী হৈ উঠে। তেওঁৰ লগত থাকে মেডিকেল কিট।

সেই মেডিকেল কিটত কি থাকে?

বিষনাশক ঔষধ, এন্টিবায়োটিক, টোপনিৰ ঔষধ, এলাৰ্জিৰ ঔষধ।

ক্ষতৰ ড্ৰেছিঙৰ সামগ্ৰী।

সৰু আলট্ৰাছাউণ্ড যন্ত্ৰ।

শূন্য মাধ্যাকৰ্ষণত চি পি আৰ (কাৰ্ডিয়োপালম’নাৰী ৰিচাছিটেছন) দিয়াৰ যন্ত্ৰ।

অটোমেটেড এক্সটাৰ্নেল ডিফাইব্ৰিলেটৰ (হৃদস্পন্দন ধৰা পৰে, কাৰ্ডিয়াক এৰেষ্ট হ’লে বিদ্যুতৰ শ্বক দিব পৰা)।

নাছাৰ তৰফৰ পৰা জনোৱা হৈছে, মহাকাশলৈ পঠোৱা চি পি আৰ বিশেষ প্ৰযুক্তিৰে তৈয়াৰ কৰা হয়, শূন্য মাধ্যাকৰ্ষণতো এই যন্ত্ৰই ৰোগীৰ বুকুত চাপ সৃষ্টি কৰিব পাৰে।

আই এছ এছত কোনোবা অসুস্থ হ’লে চি এম ও-ই তেওঁক প্ৰাথমিক চিকিৎসা দিয়ে। হিউষ্টনত থকা নাছাৰ মিছন কণ্ট্ৰ’লৰ চিকিৎসকসকলে ভিডিঅ’ আৰু অডিঅ’ যোগাযোগৰ (ৰিয়েল টাইম) জৰিয়তে চি এম ওক সহায় কৰে। কিন্তু তাতো কাম নহ’লে অসুস্থ মহাকাশচাৰীক আই এছ এছৰ পৰা ঘূৰাই অনা হয়। তাত সদায় অন্ততঃ এখন স্পেছ এক্সৰ ড্ৰেগন কেপচুল থাকে। ইয়াৰ জৰিয়তে অসুস্থ মহাকাশচাৰীক পৃথিৱীলৈ ঘূৰাই আনাৰ ব্যৱস্থা কৰা হয়। পৃথিৱীলৈ উভতি আহি তেওঁক হিউষ্টনৰ নাছাৰ জনছন মহাকাশ কেন্দ্ৰৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু কোনো উপায় নাথাকিলেহে মহাকাশচাৰীক পৃথিৱীলৈ ঘূৰাই পঠোৱা হয়। কাৰণ, বিশেষজ্ঞসকলৰমতে, বহু ক্ষেত্ৰত পৃথিৱীৰ মাধ্যাকৰ্ষণত প্ৰৱেশৰ সময়ত কিছু শাৰীৰিক সমস্যা বাঢ়িব পাৰে।

২০ বছৰ ধৰি আই এছ এছ সক্ৰিয় হৈ আছে। এতিয়ালৈকে অসুস্থতাৰ কাৰণে তাৰ পৰা কাকো পৃথিৱীলৈ ঘূৰাই পঠোৱাৰ পৰিস্থিতি সৃষ্টি হোৱা নাই। ২০১৩ চনত এজন মহাকাশচাৰীৰ আই এছ এছত গৈ কিডনিত পাথৰ ধৰা পৰিছিল। ঔষধ দি তেওঁৰ যন্ত্ৰণা কমোৱাৰ ব্যৱস্থা কৰা হৈছিল। পিছত নিৰ্ধাৰিত সময়ত তেওঁ পৃথিৱীলৈ ঘূৰি আহিছিল। ২০২০ চনত এজন মহাকাশচাৰীৰ ইনফেকচন হৈছিল। এন্টিবায়োটিক দি তেওঁৰ ৰোগ নিৰাময় কৰা হৈছিল।

মহাকাশত কিছু শাৰীৰিক সমস্যাৰ সম্ভাৱনা থাকে—

হাড়ৰ ঘনত্ব কমি যায়, পেশী দুৰ্বল হৈ পৰে।

হৃদস্পন্দনত সমস্যা।

মুখ, শৰীৰৰ ওপৰৰ অংশ ঘামি যায়।

দৃষ্টিশক্তিৰ সমস্যা (স্পেছলাইট-এছ’চিয়েটেড নিউৰ’-অকিউলাৰ চিনড্ৰ’ম)।

টোপনি নোহোৱা, মানসিক চাপ।

শূন্য মাধ্যাকৰ্ষণত থকাৰ কাৰণে ৰোগ প্ৰতিৰোধ ক্ষমতা কমিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...