অচিৰেই অসমে লাভ কৰিব এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পূৰ্ণাংগ ষ্টেডিয়াম

গুৱাহাটী, ২৮ জুন, NKTV: ৰাজ্যৰ ক্ৰীড়া অনুৰাগীৰ বাবে সুখবৰ। অসমত আৰম্ভ হৈছে আন এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পূৰ্ণাংগ ষ্টেডিয়ামৰ কাম। অচিৰেই সম্পূৰ্ণ হৈ উঠিব বস্ত্ৰ নগৰী শুৱালকুছিত নিৰ্মীয়মান ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়ামখন। বস্ত্ৰ নগৰী শুৱালকুছিত নিৰ্মীয়মান ৰাষ্ট্ৰীয় পৰ্যায়ৰ পূৰ্ণাংগ ষ্টেডিয়ামখনত থাকিব 400 ৰীলে ট্ৰেক, ফুটবল ফিল্ড, বিভিন্ন ধৰণৰ এথলেটিকছৰ সুবিধা। প্ৰায় ৪০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব ষ্টেডিয়ামখন। ষ্টেডিয়াম খনৰ সৈতে সংলগ্ন হৈ থাকিব অত্যাধুনিক ছুইমিং পুল আৰু ইণ্ডোৰ ষ্টেডিয়ামৰ সুবিধা। ইতিমধ্যে প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ হৈ উঠা ষ্টেডিয়াম খন পৰিদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ শুৱালকুছিত উপস্থিত হয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিমল বৰা। অহা জানুৱাৰী মাহৰ ভিতৰত ষ্টেডিয়ামখন মুকলি কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...