মডাৰ্ণ স্কুলৰ আত্মহত্যাৰ চেষ্টা কৰা ছাত্ৰীৰ মৃত্যু

মৃত্যুক সাবটিলে মহানগৰীৰ মডাৰ্ণ স্কুলত আত্মহত্যাৰ চেষ্টা চলাই চিকিত্সাধীন হৈ থকা ছাত্ৰীগৰাকীয়ে। আজি পুৱা ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰে চিকিত্সালয় কৰ্তৃপক্ষই। শুকুৰবাৰে স্কুলৰ তৃতীয় মহলাৰ পৰা জঁপিয়াইছিল অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে। সংকটজনক অৱস্থাত হাস্পতালত হায়াট হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ছাত্ৰীগৰাকীক। ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছিল কাহিলীপাৰাৰ মৰ্ডান ইংলিছ স্কুল কৰ্তৃপক্ষই। এই ঘটনাত বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টোঁৱাইছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে। বিদ্যালয়ৰ অধ্যক্ষই গালি-শপনি পৰাৰ লগতে ছাত্ৰীগৰাকীক অযথা হাৰাশাস্তি কৰি অহাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি পৰিয়ালে দাবী কৰে। অধ্যক্ষৰ ভতিজাক তথা এজন আৰক্ষী বিষয়াৰ পুত্ৰৰ সৈতে কথা পতাৰ বাবেই অধ্যক্ষই ছাত্ৰীগৰাকীক গালি পৰা বুলি অভিযোগ আনে পৰিয়ালৰ লোকে। ল’ৰাজনৰ পিতৃয়েও শুকুৰবাৰে ছাত্ৰীগৰাকীক ধমক দিয়া বুলি পৰিয়ালে অভিযোগ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAMCHARITY STREAMত...

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...