ৰাজহুৱা স্থানৰ লগতে হোটেল-লজতো ভেকচিন নোলোৱা লোকৰ প্ৰৱেশ নিষিদ্ধ

ভেকচিন নোলোৱা লোকৰ বাবে কেতবোৰ কঠোৰ বাধা-নিষেধ জাৰি কৰিছে ৰাজ্য চৰকাৰে। আজিৰে পৰা বলৱৎ হৈছে এই বাধা-নিষেধসমূহ। ভেকচিনৰ দুয়োপালি নোলোৱা লোকৰ বিৰুদ্ধে হাস্পতালৰ বাহিৰে যিকোনো চৰকাৰী আৰু ৰাজহুৱা স্থানত প্ৰৱেশত বাধা আৰোপ কৰিছে চৰকাৰে। ইমানেই নহয় হোটেল, মল আদিতো প্ৰৱেশ কৰিব নোৱাৰিব ভেকচিন নোলোৱা লোকে। কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে এনে লোকক প্ৰৱেশ কৰিবলৈ দিলে জৰিমনা বিহিব। ভেকচিন নল’লে চৰকাৰী হাস্পতালত বিনামূলীয়া চিকিৎসা-খাদ্য নাপাব। ভেকচিন নোলোৱা চৰকাৰী কৰ্মচাৰীক অফিচত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। এনে কৰ্মচাৰীসকলক বাধ্যতামূলক বেতনবিহীন ছুটী চৰকাৰৰ। স্বাস্থ্য-ফ্ৰণ্টলাইন কৰ্মীয়ে বুষ্টাৰ ড’জ ল’বই লাগিব, ভেকচিন নল’লে দৰমহা নাপাব। স্বাস্থ্য-পৰিয়াল কল্যাণৰ প্ৰধান সচিবে এই নিৰ্দেশনা জাৰি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...