ৰাজহুৱা স্থানৰ লগতে হোটেল-লজতো ভেকচিন নোলোৱা লোকৰ প্ৰৱেশ নিষিদ্ধ

ভেকচিন নোলোৱা লোকৰ বাবে কেতবোৰ কঠোৰ বাধা-নিষেধ জাৰি কৰিছে ৰাজ্য চৰকাৰে। আজিৰে পৰা বলৱৎ হৈছে এই বাধা-নিষেধসমূহ। ভেকচিনৰ দুয়োপালি নোলোৱা লোকৰ বিৰুদ্ধে হাস্পতালৰ বাহিৰে যিকোনো চৰকাৰী আৰু ৰাজহুৱা স্থানত প্ৰৱেশত বাধা আৰোপ কৰিছে চৰকাৰে। ইমানেই নহয় হোটেল, মল আদিতো প্ৰৱেশ কৰিব নোৱাৰিব ভেকচিন নোলোৱা লোকে। কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে এনে লোকক প্ৰৱেশ কৰিবলৈ দিলে জৰিমনা বিহিব। ভেকচিন নল’লে চৰকাৰী হাস্পতালত বিনামূলীয়া চিকিৎসা-খাদ্য নাপাব। ভেকচিন নোলোৱা চৰকাৰী কৰ্মচাৰীক অফিচত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। এনে কৰ্মচাৰীসকলক বাধ্যতামূলক বেতনবিহীন ছুটী চৰকাৰৰ। স্বাস্থ্য-ফ্ৰণ্টলাইন কৰ্মীয়ে বুষ্টাৰ ড’জ ল’বই লাগিব, ভেকচিন নল’লে দৰমহা নাপাব। স্বাস্থ্য-পৰিয়াল কল্যাণৰ প্ৰধান সচিবে এই নিৰ্দেশনা জাৰি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...