সৰাপাতৰ চিঠি বিলাই আকৌ আহিল ফাগুন

মোকতো পোৱাই চিনি,মই যে ফাগুন। অঁকৰা কবিৰ স’তে চুপতি মৰাৰ বাবে মোৰতো বহুত বদনাম….সৰাপাতৰ চিঠি বিলাই আকৌ আহিল ফাগুন। ধূলিৰ চিলা উৰুৱাই আকৌ আহিল ফাগুন। শীতৰ আৱৰণ ফালি আকৌ আহিল ফাগুন। এতিয়া আৰু নাথাকে আঘোণৰ ধাননি, নাথাকে তুষাৰময় শীতলতা। থাকিব মাথো এজাক মনপৰষা বতাহৰ সৈতে দুবাহু প্ৰসাৰি নতুনকৈ থিয় দিয়া গছবোৰ। চৌদিশে কেৱল লঠঙা ডালত পলাশ, মদাৰ, শিমলুৰ ৰঙীন সুবাস। শীতৰ সেমেকা পুৱাৰ কুঁৱলীবোৰ লাহে লাহে আঁতৰি ধৰাৰ বুকুত এতিয়া ফাগুনৰ ভুমুকি। এই ফাগুনৰো আছে নিজস্ব স্বভাৱ। ফাগুনে যদিও কাৰোবাৰ মন উৰুঙা কৰে, কাৰোবাৰ মন বেদনাৰে গধুৰ কৰে, নতুবা ফাগুনৰ উতলা বা লাগি কোনোবা চঞ্চল হয়। তথাপি ফাগুনৰ বুকুতে লুকাই থাকে জীৱনৰ বতৰা, ব’হাগৰ বতৰা, বসন্তৰ আগমনৰ বতৰা। ফাগুনক লৈ কবিৰো আছে অবুজ দু্ৰ্বলতা। এই ফাগুনতেই ডুব যায় কত’জন অকঁৰা কবিৰ অনাবিল অনুভৱ। এই অনুভৱৰ পৰাই সৃষ্টি কত’ যে গীত, কত’ কবিতাৰ। লঠঙা গছজোপাক হঠাতে মেঘৰ পৰা সৰি পৰা কিনকিনীয়া বৰষুণজাকে জীপাল কৰে। স্বত:স্ফূৰ্ত ৰ’দে কোমল ৰহণ সানি নীলাভ কৰে আকাশ। এয়াই ফাগুনৰ অভ্যাস। ফাগুন মানে ৰঙেৰে উজ্জিবিত এটা মাহ।

আজি ১ ফাগুন। পহিলা ফাগুনৰ দিনটোতেই ৰাজ্যৰ চৌদিশে দেখা গল প্ৰকৃতিৰ বিনন্দীয়া ৰূপ। ধূলি উৰা আকাশত শিমলু-পলাশ ফুলৰ ৰঙা ৰঙেৰে সজ্জিৱিত চৌদিশ। উন্মানা উতলা বতাহজাকত এতিয়া মাথোঁ প্ৰেমৰ আৱেশ। শীৰ্ণ হৈ পৰা নদীৰ বিস্তীৰ্ণ শুকান বলুকাত, উদং হোৱা লঠঙা শিমলু,পলাশ, মদাৰৰ শুকান ডালত ফাগুনৰ চঞ্চল পছোৱা।

সঁচাকৈয়ে ফাগুন অনন্য। ফাগুন প্ৰকৃতিৰ হে, পিছে এনে লাগে যেন হৃদয়ৰ নিভৃততম কোণৰ পৰা বাধা নামানি ওলাই আহে এই ফাগুন। আজিৰ এই যান্ত্ৰিকতাৰ সময়ত বাৰীৰ পিছফালে থকা সেই শিমলু, মদাৰ জুপিৰ সুবাহবিহীন ৰঙীন ফুলবোৰক সংগী দিবলৈ যেন কাৰো সময় নাই। কিন্তু সেয়াই যে ফাগুনৰ আগজাননী, সেয়া হয়তো আজি সকলোৱে অনুভৱ নকৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...