আজানৰ সময়ত বন্ধ ৰখা হ’ল লাউড স্পীকাৰ!

মুম্বাইৰ বিভিন্ন অঞ্চলৰ মছজিদসমূহত আজি পুৱা আজানৰ সময়ত বন্ধ ৰখা হ’ল লাউডস্পীকাৰসমূহ। মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মুৰব্বী ৰাজ থাকৰেৰ নিৰ্দেশক্ৰমে বন্ধ ৰখা হয় মছজিদৰ এই লাউডস্পীকাৰসমূহ। মছজিদত পুৱা আজান দিয়াৰ সময়ত লাউডস্পীকাৰসমূহ বন্ধ নকৰিলে মছজিদৰ ওচৰত হনুমান চালিছা গোৱা হ’ব বুলি ভাবুকি দিছিল ৰাজ থাকৰেই। থাকৰেৰ এই নিৰ্দেশ মানি মুম্বাই আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ মছজিদসমূহত বন্ধ ৰখা হয় লাউডস্পীকাৰ। আন একাংশ মছজিদত আজানৰ সময়ত অতি নিম্ন স্বৰত ব্যৱহাৰ কৰা হয় লাউডস্পীকাৰ। যোৱা কিছুদিন ধৰি ৰাজ থাকৰেই মছজিদৰ লাউডস্পীকাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে ইয়াৰ বাবে ৪ মে’ৰ সময়সীমা বান্ধি দিছিল। এই ঘটনা সন্দৰ্ভত এম এন এছৰ ২৬০ জন কৰ্মীক আৰক্ষীয়ে আটক কৰে। মহাৰাষ্ট্ৰৰ গৃহ বিভাগে প্ৰকাশ কৰা মতে পুৱা ৬ বজাৰ পূৰ্বে মুম্বাইৰ ১,১৪০টা মছজিদৰ ভিতৰত মাত্ৰ ১৩৫টাতহে লাউডস্পীকাৰ ব্যৱহাৰ কৰা হয়। ইপিনে, মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰ নকৰালৈকে এম এন এছৰ এই অভিযান অব্যাহত থাকিব বুলি সকীয়াই দিয়ে ৰাজ থাকৰেই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...