খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে ৰাজ্যিক আলোচনা চক্ৰ আয়োজন

বিগত ২১ আৰু ২২ মাৰ্চ, ২০২৫ তাৰিখে ডিব্ৰুগড়ৰ জকাই বন কৈৱৰ্ত গাঁৱত অনুষ্ঠিত খিলঞ্জীয়া মঞ্চ অসমৰ তৃতীয় দ্বি-বাৰ্ষিক অধিবেশনখনত মনোনীত কাৰ্য নিৰ্বাহক সমিতি খনৰ প্ৰথমখন বৈঠক গুৱাহাটীৰ হাতীগাৱস্হিত খিলঞ্জীয়া মঞ্চ অসমৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হৈ যায়।
খিলঞ্জীয়া মঞ্চ অসমৰ মূখ্য উপদেষ্টা অনুপ চেতিয়া, সভাপতি মৃণাল হাজৰিকা, সাধাৰণ সম্পাদক প্ৰাঞ্জল দেউৰী সম্বন্বিতে কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত নতুন কাৰ্য নিৰ্বাহক সমিতি খনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত প্ৰস্তাৱ গ্ৰহণ কৰে।
মৃণাল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত খিলঞ্জীয়া মঞ্চ অসমৰ মূল লক্ষ্য অসম ভূমিত খিলঞ্জীয়া সংজ্ঞা নিৰূপনৰ বাবে ৰাজ্যখনৰ বিদ্বৎ সমাজৰ পৰামৰ্শ গ্ৰহণেৰে এটা সৰ্ব সন্মত‌ সূত্ৰত উপনীত হোৱাৰ উদ্দেশ্য এখন আলোচনা চক্ৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অসমৰ খিলঞ্জীয়া লোকৰ জাতিগত তথ্য, ভাষা, কৃষ্টি, সংস্কৃতি তথা জনগোষ্ঠীয় পৰিচয় সামৰি এখন পূৰ্ণাংগ দলিল প্ৰস্তুত কৰণৰ বাবে আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰে।
নৱ প্ৰজন্মক সাম্প্ৰতিক সময়ৰ জাতীয় সংকট সমূহৰ সম্পৰ্কে সংবেদনশীল কৰি তুলিবলৈ এলানি শৈক্ষিক কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণৰ সিদ্ধান্ত লয়।
আজিৰ সভাই লগতে খিলঞ্জীয়া মঞ্চ অসমৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে।

Popular

More like this
Related

ৰিয়ান যোগ্য বাবে অধিনায়ক পদ দিয়া হৈছিল: সঞ্জু ছেমছন

ৰাজস্থান ৰয়েলছে চলিত আই পি এলৰ প্ৰথম পাঁচখন মেচৰ...

HS প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ‘দৰ্পন’ প’ৰ্টেল মুকলি

HS প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ‘দৰ্পন’ প’ৰ্টেল মুকলি। ১৭...

দেওবাৰে RCBৰ বিৰুদ্ধে RRৰ ঘৰুৱা মেচ, জয়পুৰত উপস্থিত দলৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ

চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ৰ দেওবাৰে জয়পুৰৰ সবাই মানসিং...

চীনা সামগ্ৰীৰ ওপৰত পুনৰ আমেৰিকাৰ শুল্ক বৃদ্ধি: ১২৫%ৰ পৰা ১৪৫%লৈ শুল্ক বৃদ্ধি

আমেৰিকা চৰকাৰে চীনৰ পৰা আমদানি কৰা পণ্যৰ ওপৰত শুল্কৰ...