ৰাজ্যৰ থানাই থানাই দিয়া হ’ব Cyber First Responder Kit

গুৱাহাটী, ২৮ জুন, NKTV: অপৰাধস্থলীলৈ যোৱাৰ পূৰ্বে এজন অনুসন্ধানকাৰী বিষয়াই অপৰাধস্থলীত কেনে ধৰণৰ প্ৰমাণ পাব পাৰে কোনেও নাজানে। অনুসন্ধানকাৰী বিষয়াজনে অপৰাধস্থলীৰ পৰা তথ্য অনুসন্ধান, জব্দ আৰু আহৰণ কৰাৰ বাবে সকলো মৌলিক সামৰ্থ্যৰে সম্পূৰ্ণৰূপে সজ্জিত হ’ব লাগিব তেতিয়াহে অপৰাধীক কৰায়ত্ব কৰাত সক্ষম হ’ব। আৰু এই ক্ষেত্ৰত প্ৰয়োজন হ’ব নতুন প্ৰযুক্তিৰ। তেনে এক চিন্তা ধাৰা আগত ৰাখিয়েই অসম আৰক্ষীত অন্তৰ্গত ৰাজ্যখনৰ থানাই থানাই সংযোজন হ’ব Cyber First Responder Kit। দেশৰ ৭ চাইবাৰ ক্ৰাইম হটস্পটৰ ভিতৰত অন্যতম হিচাপে চিহ্নিত হোৱা ৰাজ্যখনত চাইবাৰ অপৰাধ সমুলঞ্চে বন্ধ কৰাৰ পদক্ষেপ হিচাপে ৰাজ্যৰ প্ৰতিখন থানাকেই প্ৰদান কৰা হ’ব এনে ২৪৬টা চাইবাৰ ফাৰ্ষ্ট ৰেছপ’ন্দাৰ কিট। চাইবাৰ অপৰাধ ৰোধত সহায়ক হ’ব এই কিট সমূহ।

সোমবাৰে CIDৰ কাৰ্যালয়ত চাইবাৰ ফৰেনচিক গৱেষণাগাৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰ মুকলি অনুষ্ঠানত গ্ৰহণ কৰা হ’ল এই বিশেষ সিদ্ধান্ত। এই অনুষ্ঠানত উপস্থিত আছিল অসম আৰক্ষীৰ DGP ভাস্কৰজ্যোতি মহন্তসহ বহুকেইজন শীৰ্ষ আৰক্ষী বিষয়া। ইতিমধ্যে ৰাইজৰ সুবিধাৰ্থে CIDয়ে মুকলি কৰিলে টোল ফ্ৰী নম্বৰ- ১৫৫২৬০। প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব পাৰিব এই টোল ফ্ৰী নম্বৰটো। চাইবাৰ অপৰাধৰ বলি হ’লেই এতিয়াৰে পৰা আৰক্ষীক এই নম্বৰত জনাব পাৰিব। উল্লেখযোগ্য যে, ৪ কোটি টকা ব্যয় সাপেক্ষে সাজু কৰা হৈছে চাইবাৰ ফৰেনছিক গৱেষণাগাৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰ। ২৪৬ টা চাইবাৰ ক্ৰাইম ফাৰ্ষ্ট ৰেছপ’ন্দাৰ কিটৰ ব্যয় ৩৩ কোটি টকা বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...