আজি কিং খানৰ ওপজা দিন

১৯৬৫ চনৰ ২ নৱেম্বৰ। নতুন দিল্লীৰ এখন সৰু চহৰত পোখা মেলিছিল এটা সপোনে। বাগৰি গ’ল বহু দিন-ৰাতি, বছৰ-দশক… ক্ৰমশ সেই সপোনটোৱে সকলোৰে বুকুত ঘৰ সাজিলে। অংকুৰিত হোৱা সেই সপোনটোৱে আজি গৰকিলে ৫৯টা বৰ্ষ।

আজি কিং খানৰ জন্ম দিন । ৫৯ বছৰীয়া হ’ল বলীউডৰ অভিনেতাজন। প্ৰায় ৮০ খন ছবিত অভিনয় কৰাৰ লগতে ১৪টা ফিল্ম ফেয়াৰ বঁটাৰ উপৰিও আন কেইবাটিও বঁটা লাভ কৰে । বলীউদৰ বাদশ্বাহ ৰূপেও নাম আছে শ্বাহৰুখ খানৰ। ভাৰত চৰকাৰে ২০০৫ চনত পদ্মশ্ৰী প্ৰদান কৰাৰ লগতে ২০০৭ চনত Ordre des Arts et des Lettres আৰু ২০১৪ চনত Legion of Honour প্রদান কৰিছে ফ্ৰান্স চৰকাৰে । ১৯৮৮ চনৰ পৰা অভিনয় জগতত প্ৰৱেশ কৰে যদিও ১৯৯২ চনত প্ৰথম ‘ দিৱানা ‘ ছবিৰে বলীউডত নায়ক হিচাপে ভুমুকি মাৰে । ১৯৯৩ চনত বাজিগড় আৰু দৰ ছবিত অভিনয় কৰে কিং খানে। ১৯৯৪ চনত অঞ্জাম, ১৯৯৫ চনত মুক্তি লাভ কৰে আজিও জনপ্ৰিয় ছবি দিলৱালে দোলহনিয়া লে জায়েঙে, ১৯৯৭ চনত দিল তো পাগল হেই , ১৯৯৮ চনত কুছ কুছ হোতা হেই , ২০০০ চনত মোহবতইন, ২০০১ চনত কভি খুচি কভি গম,২০০২ চনত দেৱদাস, ২০০৪ চনত স্বদেশ, ২০০৭ চনত চক দে ইণ্ডিয়া,২০১০ চনত মাই নেম ইছ খান, ২০১৩ চনত চেন্নাই এক্সপ্ৰেছ, ২০১৪ চনত হেপী নিউ ইয়েৰ, ২০১৫ চনত দিলৱলে, ২০১৭ চনত ৰাইচ্ আৰু ২০২৩ চনত মুক্তি অপেক্ষাত আছে পাঠান ছবিখন। অভিনয় তথা ছবি নিৰ্মাণ কৰাৰ লগতে টেলিভিছনৰ এগৰাকী ভাল ব্যক্তিত্ব থকা অভিনেতা। তাৰোপৰি ব্যৱসায়তো ব্যস্ত থাকে কিং খান। সম্প্ৰতি মুক্তিৰ পথত শ্বাহৰুখ অভিনীত ‘কিং’। কিঙৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে শ্বাহৰুখৰ অগণন অনুৰাগী।

উদুলি মুদুলি আজি কিং খানৰ জন্নত আৰু মন্নত বাসগৃহত। শুভ কামনা অভিনেতাজনলৈ।

Popular

More like this
Related

JIO, BSNL, Airtel, VIৰ গ্ৰাহকসকলৰ বাবে সুখবৰ

TRAIয়ে আনিলে নতুন নিয়ম JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন...

গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক

এইবাৰ গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬...

‘IIT বাবা’ক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পিতৃৰ

প্ৰয়াগৰাজত এতিয়া হাজাৰ হাজাৰ ভক্তৰ সমাগম। মহাকুম্ভমেলা আৰম্ভ হোৱাৰ...

আল্লু অৰ্জুনৰ ‘পুষ্পা 3’ৰ নায়িকা হ’ব মনালিছা!

কুম্ভ মেলাৰ পৰা আল্লু অৰ্জুনৰ নায়িকালৈ। ইন্দোৰৰ ছোৱালীজনীৰ চকুৰ...