সিংহলী ভাষাত গুৰুজনাৰ অমৰ সৃষ্টি

কলম্বোস্থিত ভাৰতীয় উচ্চায়োগৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰই আজি প্ৰথমবাৰৰ বাবে শ্ৰীলংকাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ পালন কৰে। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱৰ ”নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা” বৰগীতটি সিংহলী ভাষাত অনুবাদ কৰাৰ লগতে সিংহলী ভাষাত পৰিবেশন কৰা হয়। এইয়া হয়তো প্ৰথমবাৰৰ বাবে কোনো বিদেশী ভাষাত বৰগীত মূল আৰু অনুবাদিত সংস্কৰণত ৰেকৰ্ডিং কৰা হৈছে। শ্ৰীলংকাত ভাৰতৰ উপ-উচ্চায়ুক্ত ড° সত্যঞ্জল পাণ্ডেই আনুষ্ঠানিকভাৱে সিংহলী ভাষাত পৰিবেশিত বৰগীতৰ চিডিখন মুকলি কৰে। কলম্বোৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তই পৰিচালনা কৰা বৰগীতৰ ৰেকৰ্ডিঙটিত মূলভাষাত পৰিবেশন কৰিছে আৰু খোল বজাইছে। বৰগীতটি অনুবাদ কৰিছে কেলানিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক উপুল ৰঞ্জিত হেৱাৱিটানগমগেয়ে। সিংহলী সংস্কৰণটো কলম্বোৰ সৌন্দৰ্য বিশ্ৱবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা অসীথ আটাপাট্টুৱে গাইছে আৰু এছৰাজ পমলকা মনুজিথ কৰুণানায়কে আৰু বাঁহী দিনাঞ্জনা মাদুছাংকাই পৰিবেশন কৰিছে। সংগীতৰ ব্যৱস্থাপনা আৰু বাণীবন্ধন মিলিণ্ডা টেনাকুন আৰু ডেভিন ডি আলৱিছৰ। অনুষ্ঠানত শ্ৰীলংকাৰ পুৰাতত্ত্ব বিভাগৰ প্ৰাক্তন সঞ্চালক প্ৰধান অধ্যাপক অনুৰা মানটুংগা, লংকা আই অ’ চিৰ পৰিচালন সঞ্চালক দীপক দাস, ছাৰ্ক সাংস্কৃতিক কেন্দ্ৰৰ উপ-সঞ্চালক ড০ বিনা গান্ধী দেউৰীয়ে ভাৰতৰ কলা আৰু নান্দনিক দিশত শ্ৰীমন্ত শংকৰদেৱ আৰু মদাবদেৱৰ অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...