সৰাপাতৰ চিঠি বিলাই ধূলিয়ৰি বাটেৰে আহি আছে ফাগুন…

ফাগুন পালেহিয়েই! সৰাপাতৰ চিঠি বিলাই ধূলিয়ৰি বাটেৰে আহি আছে ফাগুন। এই ফাগুনৰ আছে এক সুকীয়া সৌন্দৰ্য। সেইবাবে চাগে ফাগুনৰ বন্দনা কৰাত ব্যস্ত হয় কবি গীতিকাৰসকল। উদাস আকাশ, ধূলিয়ৰি পৰিৱেশ, শুষ্ক বাতাৱৰণ আৰু বিবৰ্ণ তৰু- তৃণ। এইদৰেই ঋতু পৰিৱৰ্তনৰ নিয়ম মানি চিনাকি বাটেৰে পুনৰ আহি আছে ফাগুন।

পলাশ- শিমলুৰ অবিহনে ফাগুনৰ তৃপ্তিৰ কথা কল্পনাই কৰিব নোৱাৰি। সৰাপাতৰ খৰমৰণিৰ মাজতো এই ফাগুনতে পলাশ শিমলুৱে কঢ়িয়াই আনে অনাগত বসন্তৰ বতৰা। ফাগুনৰ শুকান ধূলিময় বাটবোৰেই যেন আৰম্ভণি বসন্তৰ সেউজ সতেজতাৰ সময়লৈ।

সেয়ে ফাগুন বহুতৰে বাবে আশা, ফাগুন বহুতৰে বাবে সেউজৰ আগৰ সময়খিনিৰ আখৰা। বিৱৰ্ণ পাত সৰি পৰি নতুন কুঁহিৰ বাবে ৰৈ থকাৰ সময়ছোৱাত, ফাগুন এক মিঠা মিঠা লগা বতৰা। শেহতীয়াকৈ যেন প্ৰকৃতিয়ে পৰিৱৰ্তনৰ নিয়ম সলনি কৰিছে।

ফাগুনৰ শতিকাপুৰণি চিনাকি পৰিৱেশো যেন সলনি হোৱাৰ উপক্ৰম ঘটিছে। তাৰমাজতো প্ৰত্যাশাৰ পলাশৰঙী চিলা উৰুৱাই, বসন্তৰ আগলি বতৰা লৈ চিনাকি বাটেৰে, আকৌ এবাৰ, পুনৰ আহি আছে ফাগুন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...