বিষাক্ত হৈ পৰিছে ডিগাৰু নৈৰ পানী, জৈৱবৈচিত্ৰ্যলৈ প্ৰচণ্ড ভাবুকি

সোণাপুৰৰ ডিগাৰু নৈৰ জৈৱবৈচিত্ৰ্যৰ প্ৰতি ভাবুকি। ক্ৰমাৎ বিষাক্ত হৈ পৰিছে ডিগাৰু নৈৰ পানী চ’ত মহীয়া প্ৰখৰ ৰদত উপঙি উঠিছে মাছ। ইতিমধ্যে এই মাছ নৈ পৰীয়াই আহাৰ হিচাপে গ্ৰহণ কৰি আক্ৰান্ত হৈছে বেমাৰত। একাংশ উদ্যোগিক প্ৰতিষ্ঠানে নিশাৰ ভাগত উদ্যোগটোৰ বৰ্জিত পদাৰ্থসমূহ ডিগাৰু নৈত এৰি দিয়াৰ ফলত এনেদৰে জলচৰ প্ৰাণীসমূহৰ মৃত্যু ঘটাৰ আশংকা কৰা হৈছে।

এই বৰ্জিত পদাৰ্থসমূহ ইমানেই বিষাক্ত যে ডিগাৰু নৈৰ পানীৰ স্বাভাৱিক ৰং হেৰুৱাই ক্ৰমাৎ বগা ৰং ল’বলৈ আৰম্ভ কৰিছে। এই ঘটনাৰ পিছতে চিন্তিত হৈ পৰিছে স্থানীয় জনতা। সচেতন নাগৰিকসকলৰ দাবী শীঘ্ৰে ব্যৱস্থা লওক প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...