ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই ব্ৰিটেইনৰ প্ৰখ্যাত প্ৰশিক্ষক তথা অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন [অংশুমান] ভাগৱতীৰ সৈতে মিলি ডুবাই আন্তঃৰাষ্ট্ৰীয় একাডেমী আল বৰ্ষাত ‘চিটি ক্ৰিকেট একাডেমী’ নামেৰে এক আন্তৰ্জাতিক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিছে৷ আজি ক্ৰিকেট প্ৰেডিক্টাই আয়োজন কৰা এক সংবাদমেলত মান্ধানাই এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ তেওঁৰ নিৰীক্ষণতে পৰিচালিত হ’বলগা কেন্দ্ৰটো ডুবাইৰ প্ৰথমটো অত্যাধুনিক ক্ৰিকেট একাডেমী হ’ব৷ সকলো বয়সৰ ল’ৰা-ছোৱালীৰ বাবে মুকলি কৰা এই একাডেমীত ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ডনৰ পত্নীও মেণ্টৰৰূপে থাকিব৷

সংবাদমেলত স্মৃতিয়ে কয় ‘এই একাডেমী কেৱল প্ৰশিক্ষণ দিয়াৰ বাবেই মুকলি কৰা হোৱা নাই৷ বিশ্বৰ যুৱ ক্ৰিকেটাৰসকলক ডাঙৰ সপোন দেখিবলৈ, কেৰিয়াৰক গভীৰভাৱে চিন্তা কৰিবলৈ আৰু পেছাদাৰী খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উৎসাহিত কৰাৰ মূল লক্ষ্য লোৱা হৈছে৷ ডন আৰু তেওঁৰ পৰিয়ালে মোক সদায় নিজৰ এজনৰ দৰে আদৰণি জনাইছে৷ আমাৰ লক্ষ্য যুৱক-যুৱতীসকলৰ আকাংক্ষিত মানসিকতাক উৎসাহ যোগোৱা আৰু অভিজাত পৰ্যায়ৰ ক্ৰিকেটৰ প্ৰত্যাহ৩ানসমূহক দৃঢ়তাৰে প্ৰত্যাহ্বান লোৱা৷’

ইফালে, ডুবাইৰ এখন একাডেমীত জড়িত হ’বলৈ পাই গৌৰৱ অনুভৱ কৰা প্ৰশিক্ষক ডনে মান্ধানাৰ সময়োপযোগী দায়বদ্ধতাক প্ৰশংসা কৰি কয় ‘স্মৃতিয়ে ক্ৰিকেটৰ উচ্ছতম পৰ্যায়ৰ নিষ্ঠা আৰু সততাক মূৰ্ত কৰি তুলিছে৷ এতিয়া তেওঁ সেইখিনিয়ে উভতাই দিয়াৰ ইচ্ছা কৰিছে৷ মই বিশ্বাস কৰোঁ যে চিটি ক্ৰিকেট একাডেমীয়ে আগন্তুক প্ৰজন্মৰ বাবে সুযোগ অধিক সমৃদ্ধ কৰিব৷’

একাডেমীৰ লক্ষ্য হৈছে গাঁথনিগত প্ৰশিক্ষণ কাৰ্যসূচী, বৰ্তমান আৰু পূৰ্বৰ খেলুৱৈক মেণ্টৰ হিচাপে জড়িত কৰা আৰু ব্ৰিটেইন তথা ভাৰতৰ অংশীদাৰ একাডেমীৰ সৈতে বিনিময় কাৰ্যসূচীৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় এক্সপ’জাৰ প্ৰদান কৰা৷ ক্ৰিকেট প্ৰেডিক্টাই এই পদক্ষেপৰ কৌশলগত অংশীদাৰ হিচাপে কাম কৰি গৌৰৱ অনুভৱ কৰিছে৷ উল্লেখ্য যে ডনৰ দুটা দশকৰ অভিজাত প্ৰশিক্ষকৰ অভিজ্ঞতাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ পৰা স্মৃতিৰ সমসাময়িক অন্তৰ্দৃষ্টিৰ সংমিশ্ৰণে এই একাডেমীখনক যুৱ প্ৰতিভাৰ বাবে এক অনন্য কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...