পুনৰ ধাৰাবাহিক জগতলৈ ঘূৰি আহিছে স্মৃতি ইৰাণী!

পুনৰ অভিনয় জগতলৈ ঘূৰি আহিছে স্মৃতি ইৰাণী। এসময়ত সৰু পৰ্দাত তেওঁৰ আধিপত্য আছিল। এটা সময়ত সকলোৰে ঘৰে ঘৰে ঠাই লাভ কৰিছিল ‘কিঁউঁকি সাঁস ভি কভি বহু থি’ৰ তুলসী চৰিত্ৰই। এই চৰিত্ৰত অভিনয় কৰিছিল স্মৃতি ইৰাণীয়ে। এইবাৰ সেই চৰিত্ৰতে তেওঁক পুনৰ আনিছে একতা কাপুৰে। ধাৰাবাহিকৰ শ্বুটিং ইতিমধ্যে আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। শ্বুটিঙৰ সময়ত নিৰাপত্তাৰ কথা বিশেষভাৱে মনত ৰখা হৈছে বুলিও জানিব পৰা গৈছে।

তুলসীৰ স্বামীৰ চৰিত্ৰ অৰ্থাৎ মিহিৰৰ ভূমিকাত পূৰ্বৰ দৰেই এইবাৰো দেখা যাব অমৰ উপাধ্যায়ক। ঘনিষ্ঠ সূত্ৰই সংবাদমাধ্যমক জনাইছে যে স্মৃতিৰ বাবে শ্বুটিঙত বিশেষ নিৰাপত্তাৰ ব্যৱস্থা থাকিব। শ্বুটিঙৰ সকলো কলা-কুশলীয়ে কঠোৰ নিয়ম মানি চলিবলগীয়া হ’ব। কলা-কুশলীৰ ফোনো টেপ কৰা হ’ব বুলি তেওঁ জনাইছে।

পুৰণি ‘কিঁউঁকি সাঁস ভি কভি বহু থি’ ধাৰাবাহিকখনে অতি কম সময়ৰ বাবে ২০০০ খণ্ড পূৰ্ণ কৰিব নোৱাৰিছিল। মাত্ৰ ১৫০টা খণ্ড বাকী ৰৈ গৈছিল। সেয়েহে এই নতুন সংস্কৰণত কেৱল ১৫০টা খণ্ড থাকিব বুলি প্ৰযোজকে জনাইছে। পুৰণি ধাৰাবাহিকখন আঠ বছৰ ধৰি চলিছিল। সেই সময়ত ধাৰাবাহিকখনক লৈ ব্যাপক চৰ্চাও হৈছিল। স্মৃতিৰ উপৰি অভিনয় কৰিছিল ৰণিত ৰায়, অমৰ উপাধ্যায়, হিতেন তেজৱানি, মৌনী ৰায়ে। অভিনয়ৰ লগতে ৰাজনীতিৰো গুৰুত্বপূৰ্ণ নাম স্মৃতি ইৰাণী। বিগত কেইবাবছৰ ধৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰীৰ পদো লাভ কৰিছিল। কিন্তু ২০২৪ চনত অমেঠিত তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী কিশোৰীলাল শৰ্মাৰ হাতত পৰাজিত হৈছে। তাৰ পিছৰে পৰা ৰাজনীতিৰ পথাৰত তেওঁ কিছু পৰিমাণে অসক্ৰিয় দেখা গৈছে। সেইবাবেই তেওঁ পুনৰ অভিনয়ত মনোনিৱেশ কৰিছে নেকি? এই প্ৰশ্নও উত্থাপিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...