শিৱসাগৰ জিলা উপায়ুক্তৰ দেহত মাৰাত্মক ক’ভিড

নৱবৰ্ষৰ আৰম্ভণিতে পুনৰ যেন ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এইবাৰ শিৱসাগৰ জিলা উপায়ুক্ত মেঘনিধি দহাল ক’ভিড পজিটিভ। উপায়ুক্তগৰাকীৰ পত্নী আৰু ভাতৃৰ দেহতো ধৰা পৰিছে ক’ভিড। তিনিওগৰাকীকে হোম কোৱাৰাণ্টইনত ৰখা হৈছে। জিলা উপায়ুক্তগৰাকী আক্ৰান্ত হোৱাৰ পিছতে পত্নী আৰু ভাতৃৰ কভিড পৰীক্ষা কৰোৱা হৈছিল। সপৰিয়ালে ক’ভিডত আক্ৰান্ত হোৱাৰ পিছতে উপায়ুক্তগৰাকীৰ সংস্পৰ্শলৈ অহা সকলো লোকক কভিড টেষ্ট কৰাৰ পৰামৰ্শ আগবঢ়াইছে মেঘনিধি দহালে। আনহাতে, ক’ভিডক সহজভাবে নলৈ সকলো লোককে ক’ভিড বিধি মানি চলিবলৈ আহ্বান শিৱসাগৰবাসীক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিদ্যাভাৰতীৰ দ্বাৰা আয়োজিত সমুৎকর্ষ মহাশিবিৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

সাম্প্রতিক সময়ত এনে শিক্ষাৰ প্ৰয়োজন যি শিক্ষাই শিক্ষার্থীসকলক স্বাভিমানী...

উত্তেজিত লোকে মৰিয়াই মৰিয়াই নিধন কৰিলে নাহৰফুটুকী

ডিব্ৰুগড়ৰ লাহোৱালৰ গণেশবাৰীত ভয়ংকৰ ঘটনা। উত্তেজিত লোকে মৰিয়াই নিধন...

মৰিয়নিৰ সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনা

মৰিয়নিৰ সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনা৷গাভৰু গড়কোষত নগা দুবৃত্তই সৃষ্টি...

মহা কুম্ভমেলাত নিষিদ্ধ VVIP পাছ

প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত পদপিষ্টৰ ঘটনাৰ পিছত বিপৰ্যয় ৰোধৰ বাবে তৎপৰ...