আয়কৰ ৰেহাইৰ ক্ষেত্ৰত সীতাৰমণৰ বাজেটত কিছু সাল-সলনি

আয়কৰ ৰেহাইৰ ক্ষেত্ৰত সীতাৰমণৰ বাজেটত কিছু সাল-সলনি
পূৰ্বৰ দৰে ৩ লাখ টকালৈ দিব নালাগে কোনোধৰণৰ আয়কৰ
৩ পৰা ৭ লাখ টকা উপাৰ্জনকাৰীয়ে দিব লাগিব ৫% আয়কৰ
পূৰ্বে ৩ৰ পৰা ৬লাখ টকা উপাৰ্জনকাৰীৰ বাবে আছিল ৫% আয়কৰ
৭ৰ পৰা ১০ লাখ টকালৈ ১০% আয়কৰ
১০ৰ পৰা ১২ লাখ টকালৈ ১৫% আয়কৰ
১২ৰ পৰা ১৫ লাখ টকালৈ ২০% আয়কৰ
১৫ লাখ টকাৰ ওপৰত ৩০% আয়কৰ ধাৰ্য


কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত ২০২৪–২৫ বিত্তীয় বৰ্ষৰ বাবে মঙলবাৰে সংসদত পূৰ্ণকালীন বাজেট দাখিল কৰিলে। এইখন আছিল মোদী চৰকাৰৰ ৩য়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণকালীন বাজেট। লোকসভা নিৰ্বাচনৰ পূৰ্বে এপ্ৰিলৰ পৰা ৪ মাহৰ বাবে VOTE ON ACCOUNTS দাখিল কৰিছিল মোদী চৰকাৰে। বৰ্তমান নতুন চৰকাৰখনে আয়কৰৰ ক্ষেত্ৰত ব্যাপক ৰদ–বদল কৰিব বুলি জল্পনা–কল্পনা চলি আছিল। কিন্তু বিত্তমন্ত্ৰী সীতাৰমণে আয়কৰ স্তৰৰ ক্ষেত্ৰত ব্যাপক সাল–সলনি নঘটালে।

নতুন ব্যৱস্থাত ষ্টেণ্ডাৰ্ড ডিডাকশ্যন ৫০,০০০ পৰা ৭৫,০০০লৈ বৃদ্ধি
ইয়াৰ ফলত কৰদাতাসকলে বচাব পাৰিব প্ৰায় ১৭,০০০টকা
পৰিয়াল পেন্সনৰ ক্ষেত্ৰত পেন্সনাৰ কৰ ১৫,০০০ পৰা ২৫,০০০টকালৈ বৃদ্ধি
দৰমহা পোৱা প্ৰায় ৪ কোটি কৰ্মচাৰী, পেন্সনাৰ উপকৃত হ’ব এই নতুন ব্যৱস্থাত
২৪–২৫ বিত্তীয় বৰ্ষত ৩৮.৩৩ লাখ কোটি কৰ ৰাজহ সংগ্ৰহ হ’‍ব বুলি আশা


বাৰ্ষিক ৫লাখ টকা পৰ্যন্ত আয়কৰসকলে এইবাৰ সম্পূৰ্ণ কৰ ৰেহাই পাব আশা কৰা হৈছিল যদিও বিত্তমন্ত্ৰী সীতাৰমণে পূৰ্বৰ ৩লাখৰ শ্লেবতে কৰ ৰেহাই অব্যাহত ৰাখিলে। বিত্তমন্ত্ৰী সীতাৰমণে ১৯৬১চনৰ আয়কৰ আইনখনৰ নতুনে পৰ্যালোচনা কৰা হ’ব বুলি বাজেট বক্তৃতাত উল্লেখ কৰে। ইয়াৰ পাছতেই আয়কৰ ব্যৱস্থাৰ আমূল পৰিবৰ্তন সাধন কৰা হ’ব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...