সপৰিয়ালে ক’ভিডত আক্ৰান্ত চনু নিগম, বাতিল ৰিয়েলিটী শ্ব, সংগীতানুষ্ঠান

বলীউডৰ জনপ্ৰিয় গায়ক চনু নিগমে ক’ভিড পজিটিভ। ডুবাইত সপৰিয়ালৰ কভিডত আক্ৰান্ত হৈছে। চনু নিগমে ইনষ্টাগ্ৰামত এই কথা সদৰি কৰে। এক বিশেষ সংগীতানুষ্ঠান আৰু চুপাৰ ছিংগাৰ চিজন ৩ ৰিয়েলিটী শ্বৰ দৃশ্যগ্ৰহণৰ বাবে ভাৰতলৈ অহাৰ কথা আছিল। ভাৰতলৈ আহিবৰ বাবে ক’ভিড পৰীক্ষা কৰোৱাৰ সময়তে কভিডত আক্ৰান্ত হয়। তৃতীয়বাৰৰ বাবে ক’ভিড পৰীক্ষা কৰাইছে যদিও প্ৰতিবাৰেই পজিটিভ পোৱা গৈছে। চনু নিগমে সদৰি কৰা অনুসৰি শিল্পীগৰাকীৰ স্বাস্থ্য ভাল আছে আৰু ডিঙিও সঠিকভাবে কাম কৰি আছে। পূৰ্ব নিৰ্ধাৰিত অনুষ্ঠানত ছানে সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ বিপৰীতে অনু মালিক চুপাৰ ছিংগাৰ চিজন ৩ত অংশগ্ৰহণ কৰিছে।
চনু নিগমৰ পত্নী মাধুৰীমা আৰু পুত্ৰ নিগমো কভিডত আক্ৰান্ত হৈছে। চনু নিগম ডুবাইত থকা নিজৰ ঘৰত আছুতীয়াকৈ আছে। চনু নিগমে ভিডিঅ’টোত এইটোও কয় যে তেওঁৰ চাৰিওফালে চিনাকী বহুতো লোক পজিটিভ। ছনু নিগমৰ মতে ই অতি দ্ৰুতগতিত বিয়পিছে। শেষত শিল্পীগৰাকীয়ে কয় যে থিয়েটাৰ আৰু চলচ্চিত্ৰ জগতৰ মানুহৰ কাম দুবছৰ ধৰি প্ৰভাৱিত হৈছে কিন্তু আশা কৰোঁ সকলো ভালদৰে চলিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন...

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...