চীনক ন এণ্ট্ৰি, ভাৰতৰ বাবে খোল খালে দুৱাৰ

ভ্ৰমণ কৰি ভাল পোৱা সকলৰ বাবে নিতান্তই ভাল খবৰ। ভাৰতক এট ৰিস্ক দেশসমূহৰ তালিকাৰ পৰা প্ৰত্যাহাৰ কৰিছে ছিংগাপুৰে। কভিডকালীন পৰিস্থিতিৰ বাবে ভাৰতক এট ৰিস্ক তালিকাত ৰাখিছিল ভাৰতক। দেশত কভিডৰ নতুন নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ লগতে আৰু বিদেশৰ পৰা যাত্ৰাসকলে বিশেষকৈ কভিড ভাইৰাছ কঢ়িয়াই নিব পৰা আশংকাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা ৰূপে ছিংগাপুৰে এই তালিকা প্ৰস্তুত কৰি আহিছে। সেই অনুসৰি বিপদজনক দেশৰ তালিকা প্ৰস্তুত কৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ভ্ৰমণৰ আগ্ৰহী আৰু বিপদৰ ভয়াৱহতা যাতে দেশখনৰ জনসাধাৰণে অনুধাৱণ কৰিব পাৰে তাৰ বাবে প্ৰতিখন দেশে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে।


উল্লেখ্য যে, ভাৰতক এই তালিকাৰ পৰা প্ৰত্যাহাৰ কৰিলেও চীনক এতিয়াও ৰখা হৈছে ১২খন দেশৰ এট ৰিস্ক কাণ্ট্ৰিত। চীনৰ লগতে আছে ইউৰোপীয় দেশসমূহ বিশেষকৈ ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, ব্ৰাজিল, বটছুৱানা, ঘানা, মৰিছাচ, নিউজিলেণ্ড, জিম্মাবৱে, হংকং আৰু ইজৰাইল। মন কৰিবলগীয়া যে, এই তালিকাত আছে এছিয়াৰ হংকং, চীন আৰু মৰিছাচৰ দৰে দেশ। আছে আফ্ৰিকা মহাদেশৰ ঘানা, জিম্মাবৱে আৰু দক্ষিণ আফ্ৰিকাও। নতুন তালিকা প্ৰকাশৰ লগে লগে এই তালিকাৰ পৰা প্ৰত্যাহাৰ ভাৰত, আগন্তুক দিনত দুয়োখন দেশৰ মাজত যাত্ৰীৰ চলাচল আৰু বাণিজ্য বৃদ্ধিৰ আশা কৰিব পাৰি।

NKTV Digital
Author: NKTV Digital

4 COMMENTS

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...