শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰক আটক!

পুনৰ বলীউডত ড্ৰাগছ! ড্ৰাগছৰ সৈতে সাঙোৰ খাই পৰিছে বলীউডৰ অভিনেতা শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰৰ নাম। বাংগালুৰুত ড্ৰাগছৰ সৈতে জড়িত থকাৰ অপৰাধত আটক কৰা হৈছে অভিনেতাজনক। সিদ্ধান্তক বাংগালুৰুৰ এখন বিলাসী হোটেলত এটা পাৰ্টিৰ সময়ত ড্ৰাগছ সেৱন কৰাৰ অভিযোগত আটক কৰিছে আৰক্ষীয়ে। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে পাৰ্ক হোটেলৰ পাৰ্টিত তালাচী চলায়। আৰু সেই পাৰ্টীত সিদ্ধান্ত কাপুৰকে ধৰি মুঠ পাঁচজন লোকক ড্ৰাগছ সেৱনৰ বাবে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁলোক আটাইকেইজন নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স (এনডিপিএছ) আইনৰ অধীনত অভিযুক্ত বুলি আৰক্ষী প্ৰধান ভীমাশংকৰ এছ গুলেদে জানিবলৈ দিয়ে।

লগতে আৰক্ষী প্ৰধানজনে কয় যে, তেওঁলোক আটাইকেইজনকে আজি আদালতত হাজিৰ কৰোৱা হ’ব।

ইয়াৰ পূৰ্বে, সিদ্ধান্তৰ ভগ্নী শ্ৰদ্ধা কাপুৰক ২০২০ চনত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলীউড-ড্ৰাগছৰ সম্পৰ্কৰ অভিযোগৰ সন্দৰ্ভত সোধা-পোছা কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...