শ্বেতা আগৰৱাল হত্যাকাণ্ডৰ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান আদালতৰ

৫ বছৰ পূৰ্বে ৰাজ্যজুৰি জোকাৰি যোৱা এটা চাঞ্চলক্যৰ হত্যাকাণ্ড। ২০১৭ চনৰ ৪ ডিচেম্বৰত গুৱাহাটীৰ ভৰলুমুখস্থিত গোবিন্দ সিংঘালৰ ঘৰত হত্যা কৰিছিল শ্বেতা আগৰৱালৰক আৰু বাথৰুমৰ পৰা উদ্ধাৰ হৈছিল শ্বেতাৰ মৃতদেহ। এই হত্যাকাণ্ডই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। শ্বেতা আগৰৱাল হত্যাকাণ্ডৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে দোষমুক্ত কৰিলে মূল অভিযুক্ত গোবিন্দ সিংঘালৰ মাতৃ আৰু ভগ্নীক। ২০১৭ চনতে শ্বেতা আগৰৱালক জীৱন্তে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল শ্বেতাৰ প্ৰেমিক গোবিন্দ সিংঘালৰ বিৰুদ্ধে। ২০১৯ চনত নিম্ন আদালতে গোবিন্দৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল। হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত কামৰূপ ফাষ্ট ট্ৰেক আদালতে গোবিন্দৰ মাতৃ-ভগ্নীকো মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল। কিন্তু শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গোবিন্দৰ মাতৃ-ভগ্নীক দোষমুক্ত বুলি ৰায় প্ৰদান কৰে।

মূল অভিযুক্ত গোবিন্দৰ মৃত্যুদণ্ডৰ ৰায়ৰ প্ৰসংগটো পুনৰ নিম্ন আদালতত শুনানিৰ নিৰ্দেশ প্ৰদান কৰে উচ্চ ন্যায়ালয়ে। এই শুনানি ৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে। কে চি দাস কমাৰ্চ কলেজৰ অধ্যয়ণৰত মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংঘালক কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ফাঁচীৰ নিৰ্দেশ দিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...