ছ’বাৰ্ছ-গাভাস্কাৰৰ অভিলেখ ভংগ কৰিলে শুভমন গিলে

ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন টেষ্টত ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলে দুটা ঐতিহাসিক অভিলেখ গঢ়িলে। প্ৰথম দিনৰ মধ্যাহ্নভোজনৰ আগতেই তেওঁ এই দুটা নজিৰ স্থাপন কৰি গেৰী ছবাৰ্ছ আৰু সুনীল গাভাস্কাৰৰ অভিলেখ ভংগ কৰিছে।

‘ছেনা’ (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ একত্ৰিত নাম) দেশৰ মাটিত এখন টেষ্ট ছিৰিজত ভ্ৰমণকাৰী দলৰ অধিনায়ক হিচাপে সৰ্বাধিক ৰানৰ নজিৰ গঢ়িলে শুভমনে। তেওঁ ভাঙিলে গেৰী ছবাৰ্ছৰ ৰেকৰ্ডো। ১৯৬৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্টৰ ছিৰিজত ৭২২ ৰান কৰিছিল ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অলৰাউণ্ডাৰ ছবাৰ্ছে। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম চাৰিখন টেষ্টত শুভমনে ৭২২ ৰান সংগ্ৰহ কৰিছিল। বৃহস্পতিবাৰে ওভালত মাত্ৰ ১ ৰান কৰাৰ লগে লগে তেওঁৰ ৰান ৭২৩ হ’ল আৰু এটা নতুন ৰেকৰ্ডো গঢ়িলে।

শুভমনে সুনীল গাভাস্কাৰৰ এটা অভিলেখ ভংগ কৰিলে। ভাৰতৰ অধিনায়ক হিচাপে এখন টেষ্ট ছিৰিজত সৰ্বাধিক ৰানৰ নজিৰ তেওঁ গঢ়িলে। ১৯৭৮-৭৯ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৎকালীন ভাৰতীয় অধিনায়ক গাভাস্কাৰে ৭৩২ ৰান কৰিছিল। এই দিনটোত ১১ ৰান কৰাৰ লগে লগে চলিত ছিৰিজত শুভমনৰ ৰান ৭৩৩ হ’ল আৰু এটা নতুন নজিৰ সৃষ্টি হ’ল।

৫৯ বছৰ আৰু ৪৫ বছৰ পুৰণি দুটা ৰেকৰ্ড ভাঙি শুভমনে ইতিহাস ৰচিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...