আগতে এটা গানৰ বাবে লৈছিল ২ লাখ টকা; এতিয়া অৰিজিত সিঙে প্ৰতিটো গীতৰ বাবে কিমান টকা লয়?

তেওঁৰ সুৰৰ মূৰ্চ্ছনাত বিভোৰ হৈ পৰে অনুৰাগীসকল। জিয়াগঞ্জৰ পৰা আৰম্ভ হোৱা সংগীতৰ যাত্ৰা আজি বিশ্বৰ বিভিন্ন প্ৰান্তত বিয়পি পৰিছে। মাত্ৰ ৩৮ বছৰ বয়সত অৰিজিৎ সিঙে নিজকে এটা প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিছে। তেওঁৰ নামৰ আগত কোনো বিশেষণৰ প্ৰয়োজন নাই। অনুৰাগীসকলে বিশ্বাস কৰে, তেওঁৰ কণ্ঠত স্বয়ং ঈশ্বৰে বাস কৰে। তেওঁৰ জীৱন্ত অনুষ্ঠান স্বচক্ষুৰে চোৱাটো জীৱনৰ এটা অবিস্মৰণীয় অভিজ্ঞতাৰ সমতুল্য।

সেয়েহে অৰিজিতৰ লাইভ অনুষ্ঠান মানেই অনুৰাগীসকলৰ মাজত উচ্ছ্বাসৰ জোৱাৰ। কিন্তু এটা অনুষ্ঠানৰ বাবে অৰিজিতে কিমান পাৰিশ্ৰমিক লয়? সম্প্ৰতি সুৰকাৰ মণ্টি শৰ্মাই এটা সাক্ষাৎকাৰত তাৰ উত্তৰ দিছে। তেওঁ কয়, “এটা সময়ৰ পিছত বহু কিবা-কিবিৰ পৰিৱৰ্তন ঘটিছে। আগতে আমি এটা গান সম্পূৰ্ণ কৰিবলৈ ২ লাখ টকাৰ ভিতৰত কাম কৰিছিলোঁ। তাৰ মাজত সম্পূৰ্ণ অৰ্কেষ্ট্ৰা, ৪০ জন বেহালা বাদক আৰু আন বহুতো ব্যৱস্থা থাকিছিল। তাৰ পিছত লাহে লাহে গান এটাৰ বাবে নিজৰ বাবে ৩৫ হাজাৰ টকা ল’বলৈ আৰম্ভ কৰিছিলোঁ।”

তাৰ পিছতেই তেওঁ অৰিজিতৰ প্ৰসংগ উত্থাপন কৰে। মণ্টিয়ে কয়, “অৰিজিৎ যেতিয়া আহিছিল, তেতিয়া তেওঁ মোৰ সৈতে এটা গানৰ বাবে ৬ ঘণ্টা বহি কাম কৰিছিল। এতিয়া তেওঁ এটা অনুষ্ঠানৰ বাবে ২ কোটি টকা লয়। গতিকে তেওঁৰ সৈতে অনুষ্ঠান কৰিবলৈ হ’লে ২ কোটি টকা পৰিশোধ কৰিব লাগিব। আগতে মানুহে ৰেডিঅ’ আৰু টিভিত গান শুনিছিল। কিন্তু এতিয়া তেওঁলোকৰ হাতত ইউটিউব আছে। গান শুনাৰ মাধ্যম এতিয়া বহুত বৃহৎ। সেয়েহে ধনৰ পৰিমাণো বৃদ্ধি পাইছে। এতিয়া যদি ১৫-২০ লাখ টকা দি এটা গান তৈয়াৰ কৰোঁ, তেন্তে অডিঅ’ সংস্থাই ৯০ শতাংশ স্বত্ব কিনি লয়। এই অডিঅ’ সংস্থাসমূহেই এতিয়া আয় কৰি আছে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালৰ দুৰ্যোগত সাহায্যৰ বাবে ৫০জনীয়া দলসহ যাবলৈ সাজু মৌলানা বদৰুদ্দিন আজমল

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত সৃষ্টি হোৱা ভয়াৱহ দুৰ্যোগপূৰ্ণ পৰিস্থিতিক লৈ...

উৎসৱৰ বতৰত বাঢ়িব নোৱাৰিব পিয়াঁজৰ দাম: বজাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে আৰম্ভ কৰিলে বিশেষ অভিযান

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু বজাৰত যোগান সহজলভ্য কৰি ৰখাৰ উদ্দেশ্যে...

লক্ষ্য পূৰণ নকৰাকৈ ইউক্ৰেইন যুদ্ধ অন্ত পেলালে ‘মোক ফাঁচী দিব’- পুটিনৰ ভয় ?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ ভৱিষ্যৎক লৈ চাঞ্চল্যকৰ...

১৫ বছৰৰ পাছত টিম কুকৰ বিদায়, Appleৰ নতুন CEO কোন হ’ব?

প্ৰযুক্তি জগতৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান Appleত আহিছে এক গুৰুত্বপূৰ্ণ...