‘ভাৰত আৰু ৰাছিয়াৰ অৰ্থনীতি মৃত’; ভাৰত-ৰাছিয়াক আক্ৰমণ ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ এবাৰ ‘বন্ধু’ ভাৰতক কথাৰে আক্ৰমণ কৰিছে। তেওঁ মস্কো আৰু নতুন দিল্লীক একেটা বন্ধনীত ৰাখি বুধবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত এটা পোষ্টত দাবী কৰিছে যে, ভাৰত আৰু ৰাছিয়াৰ অৰ্থনীতি ‘মৃত’। তেওঁৰ কটাক্ষ, এই দুখন দেশে ইচ্ছা কৰিলে নিজৰ অৰ্থনীতিক অধিক অধঃপতনৰ দিশে লৈ যাব পাৰে। ট্ৰাম্পে স্পষ্ট কৰিছে যে, ভাৰত আৰু ৰাছিয়াৰ মাজত কেনে বুজাপৰা হ’ব, তাক লৈ তেওঁ চিন্তিত নহয়। ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ জনাইছে যে, আমেৰিকাই ভাৰতৰ সৈতে অতি সামান্য পৰিমাণৰ বাণিজ্য কৰে, কাৰণ ভাৰতৰ শুল্কৰ হাৰ অত্যন্ত উচ্চ, বিশ্বৰ ভিতৰত সৰ্বাধিক। আনহাতে, ৰাছিয়াৰ সৈতে ৱাশ্বিংটনৰ প্ৰায় কোনো বাণিজ্যিক সম্পৰ্ক নাই।

ছ’চিয়েল মিডিয়াত ট্ৰাম্পে লিখিছে, “ভাৰতে ৰাছিয়াৰ সৈতে কি বুজাপৰা কৰিছে, তাক লৈ আমি চিন্তিত নহয়। একেলগে তেওঁলোকে নিজৰ মৃত অৰ্থনীতিক অধঃপতনৰ দিশে লৈ যাব পাৰে।” একেসময়তে তেওঁ সংযোজন কৰিছে, “আমি ভাৰতৰ সৈতে অতি সামান্য ব্যৱসায় কৰোঁ। তেওঁলোকৰ শুল্ক অত্যন্ত উচ্চ, বিশ্বৰ সৰ্বাধিক। আৰু ৰাছিয়াৰ সৈতে আমেৰিকাৰ কোনো বাণিজ্য নাই।” এই পোষ্টতেই ট্ৰাম্পে ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি দিমিত্ৰি মেদভেদেভক লক্ষ্য কৰি লৈছে। কেইদিনমান আগতে মেদভেদেভে আমেৰিকাক উদ্দেশ্যি কৈছিল যে, ৱাশ্বিংটনে ৰাছিয়াৰ সৈতে যি ‘খেল’ খেলিছে, তাৰ ফলত যুদ্ধৰ সম্ভাৱনা বৃদ্ধি পাইছে। তাৰ পিছতেই ট্ৰাম্পে মেদভেদেভক ‘ব্যৰ্থ প্ৰাক্তন ৰাষ্ট্ৰপতি’ বুলি কটাক্ষ কৰিছে।

এই পৰিপ্ৰেক্ষিতত বুধবাৰে বিয়লি (ভাৰতীয় সময় অনুসৰি) ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপৰ ঘোষণা কৰিছে। ইয়াৰ লগতে ৰাছিয়াৰ সৈতে ভাৰতৰ ব্যৱসায়িক সম্পৰ্কৰ বাবে অসন্তোষ প্ৰকাশ কৰিছে। ভাৰতে ৰাছিয়াৰ পৰা অস্ত্ৰ আৰু ইন্ধন ক্ৰয় কৰাৰ কথাও তেওঁৰ পোষ্টত উল্লেখ আছে। ৰাছিয়াৰ সৈতে ভাৰতৰ ব্যৱসায়ৰ বাবে নতুন দিল্লীৰ ওপৰত ২৫ শতাংশ শুল্কৰ উপৰিও এটা ‘জৰিমনা’ আৰোপৰ কথা ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। তথাপি, এই জৰিমনাৰ স্বৰূপ ছ’চিয়েল মিডিয়াৰ পোষ্টত স্পষ্ট কৰা হোৱা নাই।

ট্ৰাম্পৰ শুল্ক ঘোষণাৰ পিছত ভাৰতৰ বাণিজ্য মন্ত্ৰণালয়ে এটা বিবৃতি প্ৰকাশ কৰি জনাইছে, “আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দ্বিপাক্ষিক বাণিজ্যৰ বিষয়ে কৰা মন্তব্য চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। কেইমাহমান ধৰি ভাৰত আৰু আমেৰিকাই এটা ন্যায্য, ভাৰসাম্যপূৰ্ণ আৰু উভয় দেশৰ বাবে লাভজনক দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ বাবে আলোচনা চলাইছে। আমি সেই লক্ষ্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ।” ট্ৰাম্পেও উল্লেখ কৰিছে যে, ভাৰতৰ সৈতে আলোচনাৰ দুৱাৰ এতিয়াও সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। বুধবাৰে তেওঁ কয়, “ভাৰতৰ সৈতে আলোচনা চলি আছে। এই সপ্তাহৰ শেষত এই বিষয়টো বহুত স্পষ্ট হৈ পৰিব।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৎসৱৰ বতৰত বাঢ়িব নোৱাৰিব পিয়াঁজৰ দাম: বজাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে আৰম্ভ কৰিলে বিশেষ অভিযান

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু বজাৰত যোগান সহজলভ্য কৰি ৰখাৰ উদ্দেশ্যে...

লক্ষ্য পূৰণ নকৰাকৈ ইউক্ৰেইন যুদ্ধ অন্ত পেলালে ‘মোক ফাঁচী দিব’- পুটিনৰ ভয় ?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ ভৱিষ্যৎক লৈ চাঞ্চল্যকৰ...

১৫ বছৰৰ পাছত টিম কুকৰ বিদায়, Appleৰ নতুন CEO কোন হ’ব?

প্ৰযুক্তি জগতৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান Appleত আহিছে এক গুৰুত্বপূৰ্ণ...

ভাৰতীয় পৰ্যটকৰ বাবে সু-খবৰ, ৩০ দিনলৈ ভিছামুক্ত প্ৰৱেশৰ ঘোষণা উজবেকিস্তানত

ভাৰতীয় পৰ্যটকৰ বাবে ডাঙৰ সুখবৰ। এতিয়াৰে পৰা ভাৰতীয় নাগৰিকে...