জীৱনৰ মূল্য কিমান? ১০০টকাৰ বাবেই এজনক হত্যাৰ চেষ্টা!

এটা জীৱনৰ মূল্য কিমান? বৰ্তমানৰ সমাজত যেন ১০০টকাও নহয়! মাত্ৰ ১০০টকাৰ বাবেই মানুহৰ জীৱন ল’বলৈও ভয় নকৰে একাংশই। সোমবাৰে সংঘটিত হোৱা ভয়ংকৰ ঘটনাই জোকাৰি গ’ল মাজুলীৰ কমলাবাৰী ফাৰ্ম তিনিআলি। ১০০‌ টকাৰ বাবেই এজন লোকক হত্যাৰ চেষ্টা। বুবু দাস নামৰ লোকজনক কোৰেৰে চবিয়াই হত্যাৰ চেষ্টা প্ৰমোদ বৰুৱা নামৰ এজনৰ। ঘটনাটোত গুৰুতৰভাৱে আহত বুবু দাসক মুমূৰ্ষু অৱস্থাত হাস্পতালত ভৰ্তি। অৱস্থা সংকটজনক হোৱাত বুবু দাসক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ পাছতে পলায়ন কৰা প্ৰমোদ বৰুৱাক আটক কৰে মাজুলী আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...