মাকৰ বুকুৰ পৰাই দুৰ্বৃত্তই কাঢ়ি নিলে দেৱশিশু

এটি দেৱশিশুৰ মৃত্যুৱে জোকাৰিছে নগৰবেৰা। মাকৰ বুকুৰ পৰাই নাইকীয়া হৈ গ’ল এমহীয়া শিশু। ঘটনাস্থলী নগৰবেৰাৰ খামেৰী অঞ্চল। সোমবাৰে সন্ধিয়া খামেৰীত সংঘটিত শিহৰণকাৰী ঘটনাই সমগ্ৰ খামেৰীতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। গাঁওবাসীৰ মাজত এতিয়া আতংকময় পৰিবেশ। ঘটনা সংঘটিত হৈছিল খামেৰীৰ ফুলচান আলীৰ ঘৰত। ঘৰত সন্ধিয়া কোনো পুৰুষ নাছিল। মাকৰ সৈতে বিচনাতে শুই আছিল দেৱশিশুটি। তেতিয়াই ক’লা কাপোৰ পৰিহিত অজ্ঞাত দুৰ্বৃত্তই টানি লৈ যায় শিশুটিক। ঘটনাৰ আকস্মিকতাত মুক হৈ পৰে মাতৃ। জোৰকৈ চিঞৰিবলৈ পাহৰিলেও। মাত্ৰ ১মাহ ৫ দিনহে হৈছিল দেৱশিশুটিৰ। মাকে হেনো ভালদৰে একো তলকিবই নোৱাৰিলে। এখন ক’লা হাতহে দেখিছিল হেনো মাকে।

শিশুটিৰ পিতৃ আৰু ককাক তেতিয়া বজাৰত আছিল। হুৱাদুৱা লাগিল। কিছু সময় পিছতে লোকাৰণ্য হৈ পৰিল নগৰবেৰাৰ খামেৰীৰ ফুলচান আলীৰ বাসগৃহ। ককাক আৰু দেউতাকো ঘৰলৈ দৌৰি আহিল। দেৱশিশুটিৰ সন্ধানত বিচাৰ খোছাৰ আৰম্ভ হ’ল। প্ৰায় ডেৰঘন্টামানৰ মূৰত কাষৰে এটা পুখুৰীত উদ্ধাৰ হ’ল শিশুটিৰ মৃতদেহ। পুখুৰীৰ পানীৰ পৰা উদ্ধাৰ কৰি শিশুটিক জীয়াই তুলিবলৈ আপ্ৰাণ চেষ্টা চলালে পৰিয়াল আৰু উপস্থিত ৰাইজে। কিন্তু এমহীয়া শিশুটিৰ দেহত প্ৰাণ ঘূৰি নাহিল।

স্থানীয় ৰাইজে তৎকালীনভাৱেই স্থানীয় স্বাস্থ্যকেন্দ্ৰলৈ নিয়ে শিশুটিক। তাতেই শিশুটিক মৃত ঘোষণা কৰে চিকিৎসাকৰ্মীয়ে। এই শিহৰণকাৰী ঘটনাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ঘটনাক সহজভাৱে ল’ব পৰা নাই কোনেও। স্থানীয় ৰাইজৰ মতে এয়া পৰিকল্পিত হত্যা।

ঘটনাস্থলীত উপস্থিত হৈ নিশাই তদন্ত আৰম্ভ কৰে নগৰবেৰা আৰক্ষীয়ে। কিন্তু প্ৰাথমিক তদন্তত দেৱশিশুটিৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত কোনো ক্লু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। এটি এমহীয়া দেৱশিশুক মাতৃৰ কোলাৰ পৰা কোনে নিলে? ক’লা কাপোৰ পিন্ধি কোন আহিছিল? ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী মাতৃৰ ভাষ্যই অধিক ৰহস্যঘন কৰি তুলিছে পৰিস্থিতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...