উপকাৰীক অজগৰে খায়… নাও দুৰ্ঘটনাগ্ৰস্ত লোকক উদ্ধাৰ কৰিছিল মনোজে, উদ্ধাৰ হোৱা লোকসকলেই গুৰিয়াই গুৰিয়াই পানীত পেলাই দিলে মনোজক

উপকাৰীক অজগৰে খায়…মানুহ কিমান জঘন্য প্ৰকৃতিৰ হ’ব পাৰে এবাৰ ভাবক। নাও দুৰ্ঘটনাগ্ৰস্ত লোকক উদ্ধাৰ কৰিছিল মনোজে, উদ্ধাৰ হোৱা লোকসকলেই গুৰিয়াই গুৰিয়াই পানীত পেলাই দিলে মনোজক।

তিনিচুকীয়াৰ ডিব্ৰু নৈৰ বুকুত দেওবাৰে সংঘটিত হৈছিল ভয়ংকৰ নাও দুৰ্ঘটনা। দুখন নাৱৰ মাজত প্ৰচণ্ড খুন্দা মৰাৰ ফলতেই ঘটিছিল এই অঘটন। দিনজানঘাটৰ পৰা দধীয়ালৈ গৈ থকা অৱস্থাত সংঘটিত হৈছিল এই ঘটনা। জীৱন্তে উদ্ধাৰ কৰা হৈছিল নাৱত থকা ৪জন লোকক। আনফালে লোককেইজনক উদ্ধাৰ কৰি নিজেই নদীৰ বুকুত সন্ধানহীন হৈছিল মনোজ বেৰিয়া নামৰ লোকজন।

শেহতীয়াকৈ এই ঘটনাই লৈছে নতুন মোৰ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে তিনিচুকীয়াৰ নাও দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্য। নিজেই নদীৰ বুকুত নিখোজ হোৱা নাছিল মনোজ বেৰিয়া নামৰ লোকজন। মনোজে উদ্ধাৰ কৰা লোককেইজনে মনোজৰ লগত সংঘটিত কৰিছিল আপুনি-মই কল্পনাও কৰিব নোৱাৰা সেই জঘন্য ঘটনা। প্ৰাণৰক্ষা পৰাৰ পাছতেই মনোজ বেৰিয়া নামৰ লোকজনৰ গুৰিয়াই গুৰিয়াই পানীলৈ ঠেলি দিছিল লোককেইজনে। মনোজ বেৰিয়া নামৰ লোকজনক গুৰিওৱাৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। নাৱলৈ উঠিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল লোকজনে। কিন্তু জঘন্য মানসিকতাৰ সেই লোককেইজনে নাৱলৈ উঠিবলৈ দিয়া নাছিল লোকজনক। শেষত হাৰ মানিছিল মনোজ নামৰ লোকজনে। হেৰাই গৈছিল নদীৰ মাজত। এই ঘটনাই চৌদিশে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া, চাঞ্চল্যৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...