সোণাৰিৰ নামতোলাৰ অপহৰণ কাণ্ডই জোকাৰিছে ৰাজ্য

ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস। সোণাৰিৰ নামতোলাত নগাৰ গুলীচালনা। নগা দুৰ্বৃত্তই গুলীচালনা কৰি অপহৰণ কৰিলে এজন ব্যৱসায়ীক। অপহৃত ব্যৱসায়ীজনৰ নাম মুছলেক আলী। দুৰ্বৃত্তই ব্যৱসায়ীজনৰ প্ৰতিষ্ঠানত এৰি থৈ গ’ল গ্ৰেনেড। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনা। CCTVত আবদ্ধ হৈছে নগা দুৰ্বৃত্তৰ ত্ৰাস। মুখত মাস্ক আৰু টুপী পৰিহিত নগাই টানি নিলে ব্যৱসায়ীক। হাতত উদ্যত মাৰণাস্ত্ৰ লৈ সন্ত্ৰাস নগা দুৰ্বৃত্তৰ। কেইবাটাও সশস্ত্ৰ দুৰ্বৃত্ত আবদ্ধ হৈছে CCTVত। অপহৰণকাৰী দলটো উগ্ৰপন্থী সংগঠনৰ গোটৰ বুলি সন্দেহ একাংশৰ। ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ দল। IGP জিৎমল দলেৰ নেতৃত্বত ঘটনাৰ তদন্ত আৰক্ষীৰ। নাগালেণ্ডৰ অজ্ঞাত স্থানৰ পৰা অপহৃতৰ ভিডিঅ’ প্ৰেৰণ। ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগ অপহৃত মুছলেক আলীৰ বিৰুদ্ধে। পূৰ্বে ড্ৰাগছৰ বেপাৰত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰো হৈছিল মুছলেক আলী। ড্ৰাগছ বেপাৰৰ বাবেই এই অপহৰণৰ সন্দেহ। পূৰ্বে ড্ৰাগছৰ ব্যৱসায় নকৰিবলৈ অপহৰণকাৰীয়ে দিছিল সকীয়নি। ড্ৰাগছ বেপাৰৰ অন্যতম মূল অভিযুক্ত আছিল মুছলেক আলী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...